অসম

assam

তৰুণ গগৈৰ ইটিভিৰ সৈতে এক আছুতীয়া সাক্ষাৎকাৰ

By

Published : Nov 6, 2019, 11:54 PM IST

কেন্দ্ৰীয় চৰকাৰ আৰু  নাগালেণ্ডৰ NSCN(IM) ৰ মাজত বহু প্ৰত্যাশিত বৃহত্তৰ নাগালিম গঠনৰ চুক্তি সন্দৰ্ভত বুধবাৰে অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ প্ৰতিক্ৰিয়া প্ৰকাশ ৷ তেওঁ সকীয়াই দিয়ে যে এই বুজাবুজি অসমৰ অখণ্ডতাৰ প্ৰতি লক্ষ্য ৰাখিহে হোৱা উচিত ৷ ইটিভি ভাৰতৰ সৈতে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত গগৈয়ে উল্লেখ কৰে যে এই চুক্তি স্বাক্ষৰিত হওঁক কিন্তু অসমৰ অখণ্ডতাৰ প্ৰতি যাতে কোনো ভাবুকিৰ সৃষ্টি নহয় তাৰ বাবে গুৰুত্ব আৰোপ কৰা উচিত ৷

তৰুণ গগৈৰ ইটিভিৰ সৈতে এক আছুতীয়া সাক্ষাৎকাৰ

নিউজ ডেস্ক, 6 নৱেম্বৰঃ কেন্দ্ৰীয় চৰকাৰ আৰু নাগালেণ্ডৰ NSCN(IM) ৰ মাজত বহু প্ৰত্যাশিত বৃহত্তৰ নাগালিম গঠনৰ চুক্তি সন্দৰ্ভত বুধবাৰে অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ প্ৰতিক্ৰিয়া প্ৰকাশ ৷ তেওঁ সকীয়াই দিয়ে যে এই বুজাবুজি অসমৰ অখণ্ডতাৰ প্ৰতি লক্ষ্য ৰাখিহে হোৱা উচিত ৷ ইটিভি ভাৰতৰ সৈতে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত গগৈয়ে উল্লেখ কৰে যে এই চুক্তি স্বাক্ষৰিত হওঁক কিন্তু অসমৰ অখণ্ডতাৰ প্ৰতি যাতে কোনো ভাবুকিৰ সৃষ্টি নহয় তাৰ বাবে গুৰুত্ব আৰোপ কৰা উচিত ৷

যেতিয়া এই বিষয়ত কেইবাবছৰ আগতে আলোচনা হৈছিল তেতিয়া অসম, মণিপুৰ আৰু অৰুণাচলত বসবাস কৰা সকলো নাগাক সামৰি বৃহত্তৰ নাগালিমৰ দাবী উত্থাপন কৰিছিল ৷ কিন্তু এই দাবী কেন্দ্ৰই নাকচ কৰিছিল ৷

অলপতে মণিপুৰৰ মুখ্যমন্ত্ৰী এন. বিৰেন সিঙৰ নেতৃত্বত গৃহমন্ত্ৰী অমিত শ্বাহ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সৈতেও এক আলোচনাত মিলিত হয় ৷ মণিপুৰৰ প্ৰতিনিধিবৰ্গই শ্বাহক অনুৰোধ কৰে যে মণিপুৰৰ আঞ্চলিক অখণ্ডতাৰে বুজাবুজি কৰিব লাগে ৷

তৰুণ গগৈৰ ইটিভিৰ সৈতে এক আছুতীয়া সাক্ষাৎকাৰ

গগৈয়ে কয় যে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালেও এই বিষয়ে গৃহমন্ত্ৰীৰ লগত আলোচনাত বহিব লাগে ৷ কিন্তু সৰ্বানন্দই এই বিষয়ে একো গুৰুত্ব আৰোপ কৰা নাই বুলি মন্তব্য কৰে গগৈয়ে ৷ আনহাতে অসম-নাগালেণ্ডৰ সীমা বিবাদ এতিয়াও চলি আছে ৷ এই বিবাদ সম্পৰ্কে আদালতত ইতিমধ্যেই গোচৰ চলি আছে ৷
তেওঁ দেশৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ NRC সন্দৰ্ভত কৰা মন্তব্যৰ বিৰোধীতা কৰি কয় যে NRC কেনেকে ভৱিষ্যতৰ দলিল হ’ব পাৰে ৷ য’ৰ পৰা বহু ভাৰতীয় মানুহৰ নাম বাদ পৰিছে ৷ সেইসকল লোকে ন্যায় পোৱাটো উচিত ৷

আনহাতে অসমত কংগ্ৰেছৰ বৰ্তমান স্থিতি সন্দৰ্ভত গগৈয়ে কয় যে কংগ্ৰেছে নিশ্চিতভাৱে নিজৰ স্থিতি পুনৰুজ্জীৱিত কৰিব ৷ উল্লেখ্য যে দলটোৰ কেইবাজনো জেষ্ঠ নেতাই তৰুণ গগৈক পুনৰ দলটোৰ নেতৃত্ব দিয়াৰ বাবে সমৰ্থন আগবঢ়াই ৷ এই সন্দৰ্ভত গগৈয়ে এতিয়ালৈকে হাইকমাণ্ডৰ লগত কথা-বতৰা হোৱা নাই বুলি মন্তব্য প্ৰদান কৰে ৷ তৰুণ গগৈয়ে আগেয়ে সক্ৰিয় ৰাজনীতিৰ পৰা আঁতৰি থকাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল ৷

ইফালে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে নাগৰিকত্ব প্ৰদান কৰাৰ বিষয়টোত সংবিধানৰ নিয়ম উলংঘা কৰা বুলি বুধবাৰে জমিয়ত উলেমা-এ-হিন্দে প্ৰশ্ন উত্থাপন কৰে ৷ তৰুণ গগৈয়ে এই সম্পৰ্কত জমিয়ত উলেমা-এ-হিন্দৰ সমৰ্থন আগবঢ়াই ৷

অমিত শ্বাহে হিন্দু, শিখ, জৈন, বুদ্ধ আৰু ইছাই ধৰ্মৰ শৰণাৰ্থীসকলক নাগৰিকত্ব সংশোধনীৰ আধাৰত ভাৰতীয় নাগৰিকত্ব প্ৰদান কৰাৰ ক্ষেত্ৰত জমিয়তৰ অধ্যক্ষ ছৈয়দ অশ্বাৰ্দ মাদানীয়ে কয় যে, তেওঁৰ বিবৃতিত সংবিধানৰ 14 আৰু 15 নং অনুচ্ছেদ অনুসৰি ধৰ্ম আৰু ভাষাৰ ক্ষেত্ৰত ভেদাভেদ সৃষ্টি কৰিব বিচাৰিছে ৷

জমিয়তৰ অধ্যক্ষই এক সংবাদ মেলৰ জৰিয়তে গৃহমন্ত্ৰীৰ এই ধাৰণাক তীব্ৰ ভাষাৰে গৰিহণা প্ৰদান কৰে আৰু NRC সম্পৰ্কতো মন্তব্য প্ৰদান কৰি তেওঁ কয় যে NRC সম্পৰ্কত উচ্চতম ন্যায়ালয়ৰ সিদ্ধান্তক আমি সন্মান জনাইছো ৷ লগতে তেওঁ কয় যে NRC ৰ নাম বাদ পৰা সকলৰ ভিতৰত হিন্দু আৰু মুছলমান দুয়োটা সম্প্ৰদায়ৰে লোক আছে ৷

তৰুণ গগৈয়ে জমিয়তৰ অধ্যক্ষক সমৰ্থন কৰি কয় যে ধৰ্মৰ ভিত্তিত নাগৰিকত্ব প্ৰদান কৰাটো গ্ৰহণযোগ্য হ’ব নোৱাৰে ৷ NRC ৰ পৰা বাদ পৰা 19 লাখ মানুহৰ বেছিভাগ ভাৰতীয় বুলি মন্তব্য কৰি কয় যে প্ৰকৃত বাংলাদেশীক চিনাক্তকৰণ কৰাৰ ব্যৱস্থা কৰিব লাগে বুলিও উল্লেখ কৰে ৷

আৰু পঢ়কঃ পৰ্যটকৰ বাবে মুকলি হ'ল কাজিৰঙাৰ বুঢ়াপাহাৰ ৰেঞ্জ

ABOUT THE AUTHOR

...view details