নিউজ ডেস্ক,16 জানুৱাৰীঃ তামিলনাডুৰ চালেমৰ এখন ব্যক্তিগত মহাবিদ্যালয়ে বৰ্জিত একক ব্যৱহৃত প্লাষ্টিক পৰিশোধন কৰি তাৰ পৰা সুন্দৰ গৃহ সজ্জাৰ সামগ্ৰী আৰু পুনঃব্যৱহাৰযোগ্য সামগ্ৰী প্ৰস্তুত কৰে ৷ বিশেষকৈ চৰকাৰে একক ব্যৱহৃত প্লাষ্টিক বৰ্জনৰ বাবে লোৱা সিদ্ধান্তৰ পাচতে এই নতুন পদক্ষেপে প্লাষ্টিকৰ ব্যৱহাৰ নিয়ন্ত্ৰণ কৰাৰ বাবে লক্ষ্য নিৰ্ধাৰণ কৰিছে ৷
প্লাষ্টিকৰ বটল আৰু পেলনীয়া ভগা-ছিগা প্লাষ্টিকৰ সামগ্ৰীবোৰ শোধন কৰি কিছুমান টুকুৰা বনোৱা হয় আৰু কিছুমান শোধিত প্লাষ্টিক নিৰ্মাণ সামগ্ৰীৰ সৈতে মিশ্ৰণ কৰা হয় যেনে,ইটাৰ সৈতে ৷ একেদৰে প্লাষ্টিকৰ মোনাসমূহ জ্বলাই বিটুমিন,ফ্লাই এছ আৰু অনান্য উপাদানৰ সৈতে সংমিশ্ৰণ কৰা হয় ৷ যেনে দৰে ইটা আৰু আন নিৰ্মাণ সামগ্ৰীৰ সৈতে মিশ্ৰণ কৰা হয় ৷