নিউজ ডেস্ক, ১০ জুন :তামিলনাডুৰ এগৰাকী মন্ত্ৰী চেল্লৰ কে ৰাজু শুকুৰবাৰে কৰ'ণা ভাইৰাছত আক্ৰান্ত হৈছে আৰু তেওঁক এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে । তামিলনাডুৰ DMK দলৰ অধ্যক্ষ এম কে ষ্টেলিনে তেওঁৰ সৈতে টেলিফোনিক বাৰ্তালাপ কৰিছে আৰু শীঘ্ৰেই আৰোগ্য হোৱাৰ কামনা কৰিছে বুলি জানিব পৰা গৈছে ।
উল্লেখ্য যে, মন্ত্ৰী চেল্লৰ কে ৰাজু কৰ'ণা ভাইৰাছত আক্ৰান্ত তামিলনাডুৰ তৃতীয় গৰাকী মন্ত্ৰী । ইয়াৰ পূৰ্বেও ৰাজ্যখনত বিদ্যুৎ মন্ত্ৰী পি থংগমণি আৰু শিক্ষামন্ত্ৰী পি অনবলগন সহিতে ৬ গৰাকী সাংসদ কৰ'ণা ভাইৰাছত আক্ৰান্ত হৈছে ।