চেন্নাই, ১২ জুন : চেন্নাইৰ মিনজুৰত সংঘটিত হৈছে এক শোকাৱহ ঘটনা । বিবাহৰ প্ৰথম নিশাই নৱ দম্পতিৰ মাজত বিবাদৰ সূত্ৰপাত হোৱাত পত্নীক হত্যা কৰি আত্মহত্যা কৰে স্বামীয়ে । মৃত নৱ দম্পতিহাল নীতিভাজন (২৪) আৰু পত্নী সন্ধ্যা (২০) বুলি জানিব পৰা হৈছে ।
বিবাহৰ পাছতেই পত্নীক হত্যা কৰি আত্মহত্যা স্বামীৰ - বিবাহ
কট্টুৰ আৰক্ষীয়ে ঘটনাৰ সন্দৰ্ভত অব্যাহত ৰাখিছে তদন্ত ।

Tamil Nadu man murders wife on first night, commits suicide
নৱ দম্পতিহালৰ বিবাদ শুনি পৰিয়ালৰ লোক ততাতৈয়াকৈ আহে যদিও সন্ধ্যাক তেজেৰে লুতুৰি পুতুৰি হৈ মজিয়াত পৰি থকা অৱস্থাত উদ্ধাৰ কৰে। ইতিমধ্যে মূৰৰ পৰা প্ৰচুৰ ৰক্তক্ষৰণ হোৱাৰ ফলত মৃত্যু হয় সন্ধ্যাৰ । পৰিয়ালৰ লোক উপস্থিত হোৱাৰ পাছতে ঘৰৰ পৰা পলায়ন কৰে স্বামী নীতিভাজন । পাছত পৰিয়ালৰ লোকে বিচাৰ খোচাৰ চলাই ঘৰৰ ওচৰৰ এজোপা গছত চিপ লোৱা অৱস্থাত উদ্ধাৰ কৰে নীতিভাজনৰ মৃতদেহ । বৰ্তমান কট্টুৰ আৰক্ষীয়ে ঘটনাৰ সন্দৰ্ভত অব্যাহত ৰাখিছে তদন্ত ।
লগতে চাওকঃ কেইবা শহস্ৰাধিক লোকৰ প্ৰতিবাদে কঁপালে মাৰ্ঘেৰিটাৰ ৰাজপথ