অসম

assam

ETV Bharat / bharat

গুজৰাটত মৃত্যু তামিলনাডুৰ শ্ৰমিকৰ

অসুস্থতাৰ বাবে চুৰটত মৃত্য়ু এগৰাকী ৫৮ বছৰীয়া তামিলনাডুৰ শ্ৰমিকৰ । তামিলনাডুৰ তিৰুনেলভেলী জিলা প্ৰশাসনৰ সহায়ৰ ফলত চাৰি দিনৰ অন্তত পৰিলায়ে লাভ কৰিলে মৃতদেহ ।

Tamil Nadu man dies in Gujarat; district admin helps in bringing corpse back
Tamil Nadu man dies in Gujarat; district admin helps in bringing corpse backTamil Nadu man dies in Gujarat; district admin helps in bringing corpse back

By

Published : Apr 18, 2020, 9:05 AM IST

নিউজ ডেস্ক, ১৮ এপ্ৰিলঃলকডাউনৰ মাজতেই গুজৰাটৰ চুৰটত মৃত্যু হয় তামিলনাডুৰ এগৰাকী প্ৰৱাসী শ্ৰমিকৰ । শাৰিৰীক অসুস্থতাৰ বাবেই ৫৮ বছৰীয়া শ্ৰমিকগৰাকীৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে । লকডাউনৰ মাজত তিৰুনেলভেলী জিলা প্ৰশাসনৰ সহায়ৰ ফলতেই পৰিয়ালক লোকে মৃতদেহ চমজি ল'বলৈ সক্ষম হয় ।

৫৮ বছৰীয়া ছুব্বুৰাজ নামৰ লোকজন তিৰুনেলভেলী চহৰৰ নিৱাসী আছিল । কৰ্মসূত্ৰে ১৫ বছৰৰ পৰা চুৰটত বাস কৰি আছিল । যোৱা ১২ এপ্ৰিলত শাৰিৰীক অসুস্থতাৰ বাবে হাস্পতালত ভৰ্তি কৰোৱা হয় লোকজনক । কিন্তু তাতে মৃত্যুবৰণ কৰে লোকজনে ।

লকডাউনৰ মাজত কেনেকৈ মৃতদেহ লাভ কৰিব তাক লৈ চিন্তিত হৈ পৰিছিল শ্ৰমিকগৰাকীৰ পৰিয়ালটো । যাৰ বাবে মৃত লোকজনৰ পত্নীয়ে জিলা উপায়ুক্তৰ কাষ চাপিছিল । জিলা উপায়ুক্তৰ সহায়ৰ ফলত চাৰি দিনৰ অন্তত এখন বে-চৰকাৰী এম্বুলেঞ্চত মৃতদেহটো আনি চমজাই দিয়া হয় পৰিয়ালটোক । এই সকলো খিনিৰ মাজতেই মুখ্য সমস্যা আছিল চালক বিচাৰি পোৱাটো । কাৰণ কৰ'ণা ভাইৰাছৰ বিভীষিকা আৰু লকডাউনৰ মাজত কোনো লোকে যাবলৈ ইচ্ছা প্ৰকাশ কৰা নাছিল । অৱশেষত এজন চালক মান্তি হোৱাত প্ৰায় ৪০০০ কিলোমিটাৰ দুটা ৰাউণ্ডৰ যাত্ৰাৰ পাচত চাৰি দিনৰ অন্তত মৃতদেহ লাভ কৰে ভুক্তভোগী পৰিয়ালটোৱে ।

  • কৰ'ণা ভাইৰাছৰ সন্ত্ৰাসৰ সময়ত আৰ্তজনৰ কাষত খালছা চেন্টাৰ

ABOUT THE AUTHOR

...view details