অসম

assam

ETV Bharat / bharat

ৰাজ্যপাল বনৱাৰীলাল পুৰোহিত চিকিৎসাধীন - মুখ্যমন্ত্ৰী এ কে পালানিস্বামী

তামিলনাডুৰ ৰাজভৱনৰ বহুকেইজন বিষয়া কৰ্মচাৰীৰ দেহত ক'ভিড-১৯ পজিটিভ ধৰা পৰাৰ পিছত ৰাজ্যপাল বনৱাৰীলাল পুৰোহিতক চেন্নাইৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে । ৰাজভৱনৰ ৮০গৰাকীতকৈ অধিক বিষয়া কৰ্মচাৰীৰ দেহত কভিড-১৯ পজিটিভ পোৱাৰ পিছতে ৰাজ্যপাল গৰাকীয়ে এসপ্তাহ ধৰি আইছলেছনত আছিল ।

Tamil Nadu Governor Banwarilal Purohit admitted in hospital
তামিলনাডুৰ ৰাজ্যপাল বনৱাৰীলাল পুৰোহিত চিকিৎসাধীন

By

Published : Aug 2, 2020, 5:11 PM IST

Updated : Aug 2, 2020, 6:43 PM IST

নিউজ ডেস্ক, ২আগষ্ট: তামিলনাডুৰ ৰাজ্যপাল বনৱাৰীলাল পুৰোহিতক দেওবাৰে চেন্নাইৰ আলৱাৰপেটৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় । ৰাজভৱনৰ ৮০ গৰাকীতকৈ অধিক বিষয়া কৰ্মচাৰীৰ দেহত ক'ভিড-১৯ পজিটিভ পোৱাৰ পিছতে ৰাজ্যপাল গৰাকীয়ে এসপ্তাহ ধৰি আইছলেছনত আছিল ।

এক সূত্ৰই জানিবলৈ দিয়া মতে, নিয়মিত স্বাস্থ্য পৰীক্ষাৰ বাবেহে ৰাজ্যপাল গৰাকীক চিকিসালয়ত ভৰ্তি কৰোৱা হৈছে । বৰ্তমান তেখেতৰ স্বাস্থ্যৰ অৱস্থা সুস্থিৰ হৈ আছে ।

ৰাজভৱনৰ পৰা প্ৰকাশিত এক প্ৰেছ বিজ্ঞপ্তিত উল্লেখ কৰা অনুসৰি, ৰাজভৱনৰ বহু সংখ্যক কৰ্মচাৰীৰ দেহত ক'ভিড-১৯ৰ ভাইৰাছ পোৱাৰ পিছতে চিকিৎসকৰ পৰামৰ্শ মতে যোৱা এসপ্তাহ ধৰি ৰাজ্যপাল গৰাকী আইছলেছনত আছিল । তাৰোপৰি ভৱনৰ কাম কাজ পৰিচালনাৰ বাবে নিয়োজিত সকলো বিষয়া কৰ্মচাৰীক ক'ভিড-১৯ৰ প্ৰট'কল মানি চলিবৰ বাবে নিৰ্দশনা দিয়া হৈছিল ।

উল্লেখ্য যে, ৰাজভৱনৰ ভিতৰৰ লগতে চৌহদত থকা নিৰাপত্তাৰক্ষী আৰু অগ্নি নিৰ্বাপন সেৱা বিভাগৰ ৮৪ গৰাকীকৈ বিষয়া কৰ্মচাৰীৰ দেহত কভিড-১৯ পজিটিভ পোৱাৰ পিছতে এক আতংকময় পৰিস্থিতিৰ সৃষ্টি হৈছিল । ইয়াৰ পিছতে ততাতৈয়াকৈ ৰাজভৱন চিল কৰি দিয়াৰ লগতে সমগ্ৰ ভৱন চৌহত চেনিটাইজড কৰা হয় । অৱশ্যে এই সময়চোৱাত কোনো বিষয়া কৰ্মচাৰী শীৰ্ষ বিষয়া আৰু ৰাজ্যপালৰ সংস্পৰ্শলৈ অহা নাছিল ।

মন কৰিব লগীয়া যে, ৰাজ্যখনত বৰ্তমানেও সক্ৰিয় ক'ভিড আক্ৰান্তৰ সংখ্যা হৈছে ৫৬,৭৩৮টা আৰু ৪,০৩৪ জন ব্যক্তি ক'ভিডত আক্ৰান্ত হৈ মৃত্যু হৈছে । বৰ্তমানলৈ ১,৯০,৯৬৬ গৰাকী আক্ৰান্ত সুস্থ হৈ উঠিছে ।

তামিলনাডুত ভয়াবহ ভাৱে হোৱা ক'ৰণাৰ সংক্ৰমণ নিয়ন্ত্ৰণৰ ওপৰত গুৰুত্ব দি ৰাজ্যৰ মুখ্যমন্ত্ৰী এ কে পালানিস্বামীয়ে বৃহস্পতিবাৰৰ পৰা ৩১ আগষ্টলৈকে সমগ্ৰ ৰাজ্যখনত নতুন নীতি নিৰ্দেশনাৰে পুনৰ লকডাউন ঘোষণা কৰিছে । মুখ্যমন্ত্ৰী গৰাকীয়ে উল্লেখ কৰা মতে, চলিত মাহৰ ২, ৯, ১৬,২৬ আৰু ৩০ আগষ্ট কঠোৰ ৰূপত সম্পূৰ্ণ লক ডাউন পালন কৰা হ'ব ।

Last Updated : Aug 2, 2020, 6:43 PM IST

ABOUT THE AUTHOR

...view details