অসম

assam

ETV Bharat / bharat

তামিলনাডুত সাময়িকভাবে আৰ্থিকভাবে পিছপৰা শ্ৰেণীৰ লোকক EWS অধীনত প্ৰমাণ পত্ৰ প্ৰদান স্থগিত - প্ৰমাণ পত্ৰ

তামিলনাডু চৰকাৰে ৰাজ্যখনৰ আৰ্থিকভাবে পিছপৰা (EWS) ৰ অধীনৰ আয় আৰু পৰি সম্পত্তিৰ প্ৰমাণপত্ৰ প্ৰদান সাময়িকভাবে বন্ধ কৰিছে । শেহতীয়াভাবে চৰকাৰে প্ৰতিখন জিলাৰ উপায়ুক্তক এই প্ৰমান পত্ৰ প্ৰদান নকৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছে ।

tamil-nadu-central-govt-job-aspirants-stare-at-uncertain-future-as-state-stops-issuing-ews-certificates
tamil-nadu-central-govt-job-aspirants-stare-at-uncertain-future-as-state-stops-issuing-ews-certificates

By

Published : Jun 21, 2020, 7:51 PM IST

নিউজ ডেস্ক, ২১ জুন :তামিলনাডু চৰকাৰে ৰাজ্যখনৰ আৰ্থিকভাবে পিছপৰা (EWS) ৰ অধীনৰ আয় আৰু পৰি সম্পত্তিৰ প্ৰমাণপত্ৰ প্ৰদান সাময়িকভাবে বন্ধ কৰিছে । যদিওৱা ৰাজ্যখনত ইনষ্টিটিউট অফ বেংকিঙ ক্ষেত্ৰত শতাধিক উত্তীৰ্ণ নিৱনুৱাই এটা উজ্বল ভৱিষ্যতৰ বাবে আশাৰে বাট চাই আছে ।

এই কোটাৰ অধীনৰ প্ৰতিজন হিতাধিকাৰীক আয় আৰু পৰি সম্পত্তিৰ প্ৰমাণ পত্ৰ প্ৰদান কৰাটো জৰুৰী কিন্তু শেহতীয়াভাবে চৰকাৰে প্ৰতিখন জিলাৰ উপায়ুক্তক এই প্ৰমান পত্ৰ প্ৰদান নকৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছে ।

২০১৯ চনৰ ১২ জানুৱাৰী তাৰিখে চৰকাৰে বাৰ্ষিক আয় ৪ লাখতকৈ কমৰ আৰ্থিকভাবে পিচপৰা লোকক চৰকাৰী উচ্চ শিক্ষা আৰু ৰোজগাৰৰ ক্ষেত্ৰত ১০ শতাংশ সংৰক্ষণৰ ব্যৱস্থা কৰিছিল ।

আনহাতে, চৰকাৰখনৰ এই সিদ্ধান্তক অসাংবিধানিক আখ্যা দি বিজেপিৰ মুখপাত্ৰ কেটি ৰাঘবনে জনাই যে, চৰকাৰে হিতাধিকাৰী সকলক প্ৰাপ্যৰ পৰা বঞ্চিত কৰিব নালাগিছিল । সংসদত আয় আৰু পৰি সমাপ্তিৰ বিধেয়ক গৃহীত হোৱাৰ পিচতো চৰকাৰৰ এই সিদ্ধান্ত সম্পূৰ্ণ অসাংবিধানিক বুলি নেতা গৰাকীয়ে উল্লেখ কৰে । 

ABOUT THE AUTHOR

...view details