অসম

assam

ETV Bharat / bharat

চীনৰ সৈতে আলোচনা চলি থাকিবঃ প্ৰতিৰক্ষা মন্ত্ৰী - প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং

বিজেপি চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালৰ প্ৰথম বৰ্ষপূৰ্তি উপলক্ষে আয়োজন কৰা ভাৰ্চুৱেল জন-সমবাদ ৰেলীত অংশগ্ৰহণ কৰি ৰাজনাথ সিঙে কেবাটাও মন্তব্য কৰে ৷ ইয়াৰ ভিতৰত চীনৰ সৈতে ভাৰতৰ শেহতীয়া সম্পৰ্কৰ কথাও উল্লেখ কৰে প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে ৷

চীনৰ সৈতে আলোচনা চলি থাকিবঃ প্ৰতিৰক্ষা মন্ত্ৰী
চীনৰ সৈতে আলোচনা চলি থাকিবঃ প্ৰতিৰক্ষা মন্ত্ৰী

By

Published : Jun 8, 2020, 10:43 PM IST

নিউজ ডেস্ক, 8 জুনঃপ্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে সোমবাৰে মহাৰাষ্ট্ৰ বিজেপিৰ জন-সমবাদ ৰেলীত ভিডিঅ' কনফাৰেন্সযোগে অংশগ্ৰহণ কৰে ৷ বিজেপি চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালৰ প্ৰথম বৰ্ষপূৰ্তি উপলক্ষে বিজেপিয়ে আয়োজন কৰা ভাৰ্চুৱেল ৰেলীত অংশগ্ৰহণ কৰে দেশৰ প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে ৷

ভিডিঅ' কনফাৰেন্সযোগে মহাৰাষ্ট্ৰৰ দলীয় কৰ্মকৰ্তাৰ লগতে ৰাইজৰ সৈতে যুক্ত হয় প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে ৷ কনফাৰেন্সৰ মাজতে মহাৰাষ্ট্ৰ চৰকাৰক সমালোচনা কৰাৰ লগতে ভাৰত-চীন সম্পৰ্কক লৈয়ো মন্তব্য কৰে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে ৷

প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰা অনুসৰি, চীনৰ সৈতে ভাৰতৰ আমোলাতান্ত্ৰিক আৰু সামৰিক বাৰ্তালাপ চলি আছে ৷ নৰেন্দ্ৰ মোডী চৰকাৰে দেশৰ গৌৰৱ কেতিয়াও ম্লান হ'ব নিদিয়ে আৰু ভাৰত-চীন সীমা বিবাদক লৈ দেশবাসী চিন্তিত হোৱাৰ কোনো কাৰণ নাই ৷ তেওঁ লগতে কয় যে, চীন-ভাৰতৰ মাজৰ সীমা বিবাদ দীৰ্ঘসময় ধৰি চলি আছে ৷ আমি ইয়াক যিমান পাৰো সিমান সোনকালে সমাধান কৰিব বিচাৰিছো ৷ চীনৰ সৈতে সামৰিক আৰু আমোলাতান্ত্ৰিক বাৰ্তালাপ কৰা হৈছে ৷ বিগত 6 জুনত সম্পন্ন হোৱা বাৰ্তালাপ সকাৰাত্মক হৈছে আৰু এইক্ষেত্ৰত আগলৈ বাৰ্তালাপ চলি থাকিব ৷

দেশৰ প্ৰতিৰক্ষা মন্ত্ৰীহিচাপে ৰাজনাথ সিঙে যি ক'ব লাগে তাক সংসদত ক'ব ৷ বাহিৰত কথা কৈ ৰাইজক বিপথে পৰিচালিত নকৰে বুলি প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে ৷

ABOUT THE AUTHOR

...view details