নতুন দিল্লী,2 এপ্ৰিলঃ দেশৰ কেন্দ্ৰীয় চৰকাৰে বৃহস্পতিবাৰে প্ৰতিখন ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰলৈ এক গুৰুত্বপূৰ্ণ নিৰ্দেশ জাৰি কৰিছে ৷ কৰ’ণা ভাইৰাছৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰা 21 দিনীয়া লক ডাউনৰ সময়ছোৱাত নিৰ্দেশ উলংঘা কৰা লোকসকলক কঠোৰ শাস্তি প্ৰদান কৰিবলৈ নিৰ্দেশ দিয়া হৈছে ৷
কেন্দ্ৰীয় গৃহ সচিব অজয় কুমাৰ ভল্লাই প্ৰতিখন ৰাজ্যৰ মুখ্য সচিব আৰু আৰক্ষী সঞ্চালক প্ৰধানলৈ এক পত্ৰৰ জৰিয়তে এই নিৰ্দেশ জাৰি কৰিছে ৷ কৰ’ণা ভাইৰাছৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি লক ডাউনৰ নিৰ্দেশ জাৰি কৰিছিল কেন্দ্ৰীয় চৰকাৰে ৷ বৃহস্পতিবাৰে লক ডাউনৰ নৱম দিন ৷ এই ন দিনৰ ভিতৰত দেশৰ ভিন্ন প্ৰান্তত জনসাধাৰণ আৰু প্ৰশাসনৰ প্ৰতিনিধিৰ সৈতে কেইবাটাও হিংসাত্মক ঘটনা সংঘটিত হোৱাৰ বাতৰি প্ৰকাশ হৈছিল ৷
মূলতঃ কৰ’ণা ভাইৰাছৰ সংক্ৰমণৰ তথাকথিত শিকলিডাল চিঙি পেলোৱাৰ উদ্দেশ্যে চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰা বুলি প্ৰকাশ কৰিছিল ৷ সেয়ে এই নিৰ্দেশ উলংঘাকাৰীসকলক ভাৰতীয় দণ্ডবিধি আইনৰ অধীনত দোষী সাব্যস্ত কৰি কঠোৰ শাস্তি বিহা হ’ব ৷ ইয়াৰ পূৰ্বতে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে দুৰ্যোগ প্ৰশমন প্ৰাধিকৰণ আইন,2005 ৰ অধীনত নিজ ক্ষমতা কাৰ্যকৰী কৰি কভিড-19 ৰ বিৰুদ্ধে লক ডাউন ঘোষণা কৰিবলৈ নিৰ্দেশ দিছিল ৷ তদুপৰি, ভুৱা বাতৰি বিয়পোৱা সকলো লোককো শাস্তি প্ৰদান কৰিব পাৰিব প্ৰশাসনে বুলি কেন্দ্ৰীয় গৃহ সচিব ভল্লাই উল্লেখ কৰে ৷ দেশৰ সৰ্বোচ্চ আদালত উচ্চতম ন্যায়ালয়ৰ সিদ্ধান্তৰ ভিত্তিত কেন্দ্ৰীয় চৰকাৰে এই নিৰ্দেশ জাৰি কৰে ৷