ক’ভিড-১৯ৰ এটা অতিকৈ নেতিবাচক আৰু ভয়াৱহ দিশ আছে যিটোৰ উদ্ভৱ এপ্ৰিলৰ প্ৰথম ভাগত ঘটিছিল আৰু অনিয়ন্ত্ৰিত হৈ পৰে। সংবাদ মাধ্যমৰ লগত জড়িত এই প্ৰৱণতাই ভাৰতৰ সামাজিক একতা আৰু আভ্যন্তৰীণ নিৰাপত্তাৰ ওপৰত প্ৰভাৱ পেলাব পাৰে।
নিজামুদ্দিনত মাৰ্চৰ মাজভাগত বহুসংখ্যক বিদেশী অংশগ্ৰহণকাৰীৰে ৰক্ষণশীল মুছলমান সংগঠন তবলিগী জামাতৰ (১৯২৭ চনত গঠিত) ধৰ্মীয় অনুষ্ঠান আৰু কৰ’ণা ভাইৰাছ্ বিয়পাত ইয়াৰ সম্পৰ্কক লৈ ভাৰতত আতংকৰ সৃষ্টি হয় ।মাৰ্চৰ শেষছোৱাৰ পৰা এপ্ৰিলৰ প্ৰথমভাগলৈকে ভাৰতৰ বিভিন্ন অঞ্চলত কৰ’নাভাইৰাছ্ সংক্ৰমণৰ ঘটনা ধৰা পৰে । এইবোৰ মূলতঃ আছিল নিজামুদ্দিনৰ তবলিগী জামাতত অংশগ্ৰহণকাৰীসকলৰ লগত জড়িত । এই বিষয়ে দৃশ্য-শ্ৰাব্য মাধ্যমত ব্যাপক প্ৰচাৰ হয় ।
নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে ২০২০ৰ প্ৰথমভাগত তীব্ৰতৰ হোৱা প্ৰতিবাদৰ সময়তো ধৰ্মীয় আৰু সাম্প্ৰদায়িক দৃষ্টিকোণেৰে মুছলমান বিৰোধী পক্ষপাতদুষ্টতা একাংশ দৃশ্য-শ্ৰাব্য মাধ্যমত অতি নিকৃষ্টভাৱে প্ৰচাৰ কৰা হৈছিল ।
কিছুসংখ্যক টিভি চেনেলে কৰ’ণা ভাইৰাছ বিয়পা সম্পৰ্কীয় তেওঁলোকৰ বাতৰিবোৰ লক্ষণীয়ভাৱে পক্ষপাতিত্বমূলক ভাৱে প্ৰস্তুত কৰে আৰু ভাইৰাছ বিধৰ লগত এক সাম্প্ৰদায়িক দিশ জড়িত কৰায় । এপ্ৰিলৰ প্ৰথমছোৱাত তবলিগী-ভাইৰাছ,কৰ’ণা-জেহাদ আদি শব্দ ছ’চিয়েল মিডিয়াত বহুলভাৱে ব্যৱহৃত হয় । আনকি এই ভাইৰাছ ৱুহানত নহয়,নিজামুদ্দিনতেই যেন উদ্ভৱ হৈছে,সেয়া প্ৰতিষ্ঠা কৰাৰ বাবে বহু প্ৰতিবেদনত চেষ্টা কৰা দেখা গ’ল ।
কিছু সংখ্যক আগশাৰীৰ টিভি চেনেল আৰু সংবাদ প্ৰতিষ্ঠানে এখোপ আগবাঢ়ি ভুৱা বাতৰি প্ৰচাৰ কৰাতো আগভাগ ল’লে । প্ৰচাৰ কৰা হ’ল যে নিজামুদ্দিনৰ পৰা হাস্পতাললৈ নিয়া তবলিগী জামাতৰ বহু সদস্যই স্বাস্থ্য কৰ্মীৰ সৈতে দুৰ্ব্যৱহাৰ কৰিছে আৰু মুকলিকৈ মল-মূত্ৰ ত্যাগ কৰিছে । এটা চেনেলে ষ্টিং অপাৰেশ্যন কৰি প্ৰমাণ কৰিব বিচাৰিলে যে তবলিগী জামাতে ২৪ মাৰ্চত ঘোষিত লক ডাউনৰ সময়ছোৱাত ইচ্ছাকৃতভাৱে ক’ভিড-১৯ ৰ নিয়মসমূহ ভংগ কৰিছে ।
তেনেবোৰ খবৰ পাছত ভিত্তিহীন বুলি প্ৰমাণিত হয় । তথ্য পৰীক্ষা কৰা ছ’চিয়েল মিডিয়াৰ কিছুসংখ্যক গ্ৰুপে উদঙাই দিছে যে সংখ্যালঘু মুছলমান সমাজৰ ভাৱমূৰ্তি বিনষ্ট কৰিবলৈ তেনেধৰণৰ ভুৱা বাতৰি ইচ্ছাকৃতভাৱে প্ৰচৰ কৰা হয় । এইটো চামৰ সংবাদ মাধ্যমে নিজামুদ্দিনত অনুষ্ঠিত তবলিগী জামাতৰ ধৰ্মীয় সমাৱেশেত স্বাস্থ্য ৰক্ষাৰ বিধিসমূহ উলংঘা কৰাৰ বাবে সমগ্ৰ ভাৰতীয় মুছলমান সমাজক দোষাৰোপ কৰাৰ চেষ্টা অব্যাহত ৰাখে। এই প্ৰচেষ্টা ভালদৰে চিনাকী ।
ক’ভিড-১৯ৰ বিষয়ে সংবাদ মাধ্যমত ব্যাপক প্ৰচাৰ হোৱাৰ পাছতো মাৰ্চৰ মাজভাগত এনেধৰণৰ সমাবেশ অনুষ্ঠিত কৰাৰ বাবে তবলিগী জামাতৰ নেতৃত্বক যেনেদৰে দোষাৰোপ কৰিব লাগিব একেদৰে এই সম্পৰ্কত সংবাদ মাধ্যমৰ পক্ষপাতদুষ্টতাক একাষৰীয়া কৰি থ’লে নহ’ব। মানুহৰ বিশাল সমাবেশ এৰাই চলিব লাগিব আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২৪ মাৰ্চত দেশবাসীক কৰা সম্বোধনত লক্ষ্মণ ৰেখাৰ বিষয়ে ঘোষণা কৰিছিল ।
শতাধিক তবলিগী জামাতৰ অংশগ্ৰহণকাৰীয়ে একেলগে বন্ধ স্থান এটাত দীৰ্ঘদিনৰ বাবে থকাটো ইতিমধ্যে ঘোষণা কৰা জনস্বাস্থ্য ৰক্ষাৰ বিধিসমূহৰ উলংঘণ । এই উলংঘণ য’ত হৈছে সেই বিষয়ে বাতৰি পৰিৱেশন কৰাৰ অধিকাৰ সংবাদ মাধ্যমৰ আছে । স্থানীয় আৰক্ষীয়ে কিয় তেনেধৰণৰ সমাবেশ অনুষ্ঠিত হ’বলৈ দিলে সেই বিষয়েও প্ৰশ্ন উত্থাপন হৈছে । এক বস্তুনিষ্ঠ অনুসন্ধানেহে এনেবোৰ প্ৰশ্নৰ উত্তৰ দিব পাৰিব । আইনৰ নিৰ্দিষ্ট প্ৰক্ৰিয়াৰ ব্যৱস্থা কৰা হৈছে আৰু তবলিগী জামাতৰ নেতা মৌলানা ছাদৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ৩০৪ নং অনুচ্ছেদৰ অধীনত ইচ্ছাকৃত হত্যাৰ অভিযোগ উত্থাপন হৈছে ।