অসম

assam

ETV Bharat / bharat

টি-ছিৰিজৰ কাৰ্যালয় ছীলঃ  ছেনিটাইজ কৰাৰ কথা প্ৰকাশ ভূষণ কুমাৰৰ

টি-ছিৰিজৰ কাৰ্যালয় ছীল ৷ কাৰ্যালয় ছেনিটাইজ কৰাৰ কথা প্ৰকাশ ভূষণ কুমাৰৰ ৷

টি-ছিৰিজৰ কাৰ্যালয় ছীল
ভূষণ কুমাৰ

By

Published : May 12, 2020, 3:15 PM IST

নেশ্যনেল ডেস্ক, 12 মে' : ছবি নিৰ্মাতা ভূষণ কুমাৰে সোমবাৰে জানিবলৈ দিয়ে যে, টি-ছিৰিজৰ এজন পহৰাদাৰ COVID-19 ত আক্ৰান্ত হোৱাৰ পাচতে কাৰ্যালয়ত অত্যাৱশ্যকীয় সাৱধানতামূলক ব্যৱস্থা গ্ৰহণ কৰা হৈছে ৷ ভূষণে কয় যে, লকডাউনৰ ফলত কাৰ্যালয় চৌহদত বছৰ বছৰ ধৰি বাস কৰি অহা সুৰক্ষা কৰ্মী আৰু অন্যান্য লোকসকলে ঘৰলৈ যাবলৈ সুবিধা লাভ নকৰিলে ৷

ভূষণে এক বিবৃতিত কয়, "টি-ছিৰিজৰ সকলো কৰ্মচাৰী পৰিয়ালৰ দৰে আৰু এই পৰিস্থিতিত আমি অতি সযতনেৰে সকলো ব্যৱস্থা গ্ৰহণ কৰিছো ৷ আক্ৰান্ত কৰ্মচাৰীজনে সকলো যাৱতীয় চিকিৎসা লাভ কৰি আছে ৷ কাৰ্যালয়ৰ বিল্ডিং ছেনিটাইজ কৰিবৰ বাবে আমি চৰকাৰী নিৰ্দেশনা অনুসৰি ব্যৱস্থা গ্ৰহণ কৰিছো ৷"

ভূষণে লগতে জনাই, "আমি ইজনে আনজনৰ শুশ্ৰূষা কৰিছো আৰু এই মহামাৰীৰ পৰা টি-ছিৰিজৰ সকলো ব্যক্তি সুস্থ হৈ উঠাৰ লগতে ৰোগৰ বিৰুদ্ধে যুঁজত জয়ী হ'ব ৷"

ABOUT THE AUTHOR

...view details