অসম

assam

ETV Bharat / bharat

"অভিযুক্তই পলায়ন কৰিলে আৰক্ষীৰ হাতত গুলিচালনাৰ বাদে কোনে বিকল্প নাই"-স্বাতী মলিৱাল - Swati Maliwal news

"এই অনশনে চতুৰ্থ দিনত প্ৰৱেশ কৰিছে, আৰু ই চলি থাকিব যেতিয়ালৈকে কেন্দ্ৰই ধৰ্ষণকাৰীৰ শাস্তিৰ ক্ষেত্ৰত কোনো শক্তিশালী আইন প্ৰণয়ন নকৰে ৷"- স্বাতী মলিৱাল

Swati Maliwal reaction on Hyderabad rape accused encounter
"অভিযুক্তই পলায়ন কৰিলে আৰক্ষীৰ হাতত গুলিচালনাৰ বাদে কোনে বিকল্প নাই"-স্বাতী মলিৱাল

By

Published : Dec 6, 2019, 10:04 AM IST

নতুন দিল্লী, 6 ডিচেম্বৰঃ শুকুৰবাৰে সংঘটিত হায়দৰাবাদ ধৰ্ষণ কাণ্ডত জড়িত অভিযুক্তৰ এনকাউন্টাৰত প্ৰতিক্ৰিয়া প্ৰকাশ দিল্লী মহিলা আয়োগৰ অধ্যক্ষ স্বাতী মলিৱালৰ ৷ স্বাতী মলিৱালে কয় যে, "অভিযুক্তই পলায়ন কৰিলে আৰক্ষীৰ হাতত গুলিচালনাৰ বাদে কোনো বিকল্প নাই ৷"

হায়দৰাবাদ ধৰ্ষণ কাণ্ডত জড়িত অভিযুক্তৰ এনকাউন্টাৰত প্ৰতিক্ৰিয়া প্ৰকাশ দিল্লী মহিলা আয়োগৰ অধ্যক্ষ স্বাতী মলিৱালৰ

তেখেতে আৰু কয় যে, "এনেবোৰ কাৰণতেই আমি চৰকাৰৰ ওচৰত ধৰ্ষণকাৰীৰ বিৰুদ্ধে এখন শক্তিশালী আইন প্ৰণয়নৰ বাবে দাবী উত্থাপন কৰি আহিছো ৷ এনে শিহৰণকাৰী অভিযোগত অভিযুক্ত সকলো লোককেই ন্যায়িক প্ৰক্ৰিয়াৰ অন্তত মৃত্যু প্ৰদান কৰিব লাগে ৷ " যদি আইনী ব্যৱস্থা শক্তিশালী নহয় তেন্তে আৰক্ষীয়ে এনেবোৰ ঘটনাৰ পুনৰাবৃত্তি কৰিবলৈ বাধ্য হ’ব বুলিও সাংবাদিকৰ আগত ব্যক্ত কৰে মলিৱালে ৷

উল্লেখ্য যে, নিজৰ অনশনৰ ওপৰত মন্তব্য প্ৰকাশ কৰি স্বাতী মলিৱালে কয় যে, "এই অনশনে আজি চতুৰ্থ দিনত প্ৰৱেশ কৰিছে, আৰু ই চলি থাকিব যেতিয়ালৈকে কেন্দ্ৰই ধৰ্ষণকাৰীৰ শাস্তিৰ ক্ষেত্ৰত কোনো শক্তিশালী আইন প্ৰণয়ন নকৰে ৷"

আৰু পঢ়ক- দ্বীপৰ বিলত ৰে’লৰ খুন্দাত আহত বন্য হস্তী

ABOUT THE AUTHOR

...view details