নিউজ ডেস্ক, 30 জুনঃ ৰাজস্থান আৰু মধ্যপ্ৰদেশ অতিক্ৰম কৰি উত্তৰ প্ৰদেশৰ আগ্ৰাত প্ৰৱেশ কৰে কাকতি ফৰিঙৰ এটা বৃহৎ জাক । এই জাকটো প্ৰায় দুই-তিনি কিল'মিটাৰ দৈৰ্ঘ্যৰ আছিল । এই জাকটোৱে আগ্ৰাৰ স্থানীয় কৃষক সকলৰ খেতি নষ্ট কৰা বুলি জানিব পৰা গৈছে ।
উত্তৰ প্ৰদেশৰ বহু জিলা, অম্বেদকাৰ নগৰ, প্ৰয়াগৰাজ, চিত্ৰকোট, প্ৰতাপগঢ়, ভাদনী, আজামগড় আদিত জাকটো প্ৰৱেশ কৰে আৰু 48 ঘণ্টালৈ শস্যৰ ওপৰত আক্ৰমণ অব্যাহত ৰাখে ।