অসম

assam

ETV Bharat / bharat

পুৰুষ প্ৰধান চিন্তাধাৰাক সমালোচনা স্বৰা ভাস্কৰৰ ৱেব ছিৰিজ 'ৰাছভৰী'ত

স্বৰা ভাস্কৰৰ ৱেব ছিৰিজ 'ৰাছভৰী'ত পুৰুষতান্ত্ৰিক সমাজত নাৰী আৰু পুৰুষৰ মাজত হোৱা ভেদভাৱ দেখুওৱাৰ উপৰিও পুৰুষ প্ৰধান চিন্তাধাৰাক সমালোচনা কৰা হৈ বুলিও মত প্ৰকাশ কৰে অভিনেত্ৰী গৰাকীয়ে ।

স্বৰা ভাস্কৰ
স্বৰা ভাস্কৰ

By

Published : Jul 8, 2020, 10:36 AM IST

নিউজ ডেস্ক, ৮ জুলাইঃ বলিউড অভিনেত্ৰী স্বৰা ভাস্কৰৰ নতুন ৱেব ছিৰিজ 'ৰাছভৰী'ত পুৰুষতান্ত্ৰিক সমাজত নাৰী আৰু পুৰুষৰ মাজত হোৱা ভেদভাৱ দেখুওৱা হয় বুলি মন্তব্য কৰে অভিনেত্ৰী গৰাকীয়ে ।

এমাজন প্ৰাইমত মুক্তি লাভ কৰা ছিৰিজত উত্তৰ প্ৰদেশৰ মীৰটত দৃশ্য গ্ৰহণ কৰে। আনহাতে, এপ্ল'জ এনণ্টাৰটেইমেণ্টৰ বেনাৰত আৰু টনভীৰ বুকৱালাৰ পৰিচালনাত ৱেব ছিৰিজখন নিৰ্মাণ কৰা হয় বুলি উল্লেখ কৰে স্বৰা ভাস্কৰে । আনহাতে,ছিৰিজখনত স্বৰাই এগৰাকী শিক্ষয়ত্ৰীৰ চৰিত্ৰত অভিনয় কৰে বুলি জানিবলৈ দিয়ে ।

স্বৰাই ছিৰিজখন সন্দৰ্ভত কয় যে, এই ছিৰিজখনৰ জৰিয়তে আপোনালোকে সমগ্ৰ বিশ্বৰ দৃষ্টিভংগীৰ ভণ্ডামী ৰূপ প্ৰত্যক্ষ কৰিব । গোটেই ছিৰিজখনতে পৰুষ প্ৰধান তথা পুৰুষ প্ৰধান চিন্তাধাৰাক সমালোচনা কৰা হৈছে ।

লগতে চাওকঃ বিয়াৰ দিনাই নোহোৱা হ'ল ইছমাইলৰ স্মাইল

ABOUT THE AUTHOR

...view details