অসম

assam

ETV Bharat / bharat

স্বচ্ছ সৰ্বেক্ষণ 2020ঃ প্ৰধানমন্ত্ৰী মোডীৰ সমষ্টি বাৰাণসীয়ে লাভ কৰিলে "বেষ্ট গংগা টাউন এৱাৰ্ড" - PM Modi's constituency wins 'Best Ganga Town award'

বৃহস্পতিবাৰে ঘোষণা কৰা দেশৰ স্বচ্ছ সৰ্বেক্ষণ অভিযানৰ অধীনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে প্ৰতিনিধিত্ব কৰা বাৰাণসী সমষ্টিয়ে লাভ কৰে "বেষ্ট গংগা টাউন এৱাৰ্ড" ৷ ভাৰতৰ 5 খন ৰাজ্যৰ মুঠ 97 টা গংগা ঘাট থকা চহৰত চলোৱা হৈছিল এই অভিযান ৷

বেষ্ট গংগা টাউন এৱাৰ্ড
স্বচ্ছ সৰ্বেক্ষণ 2020

By

Published : Aug 21, 2020, 9:48 AM IST

নিউজ ডেস্ক, 21 আগষ্টঃ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে লোকসভাত প্ৰতিনিধিত্ব কৰা বাৰাণসী সমষ্টিয়ে লাভ কৰে "বেষ্ট গংগা টাউন এৱাৰ্ড" ৷ বৃহস্পতিবাৰে ঘোষণা কৰা এই বঁটাৰ বাবে ভাৰতৰ 5 খন ৰাজ্যৰ মুঠ 97 টা গংগা ঘাটত স্বচ্ছ সৰ্বেক্ষণ অভিযান চলোৱা হৈছিল ৷ আনহাতে, বাৰাণসীৰ উপৰিও এই বঁটাত অন্তৰ্ভূক্ত হৈছে কাণপুৰ, মুংগেৰ, প্ৰয়াগৰাজ আৰু হৰিদ্বাৰ ৷

নগৰ উন্নয়ন বিভাগৰ অধীনত 15 ৰ পৰা 31 জানুৱাৰীলৈকে আয়োজন কৰা এই কাৰ্যসূচীত উত্তৰাখণ্ড, উত্তৰ প্ৰদেশ, বিহাৰ, ঝাৰখণ্ড, পশ্চিম বংগৰ দৰে ৰাজ্যসমূহ সামৰি লোৱা হৈছিল বুলি সদৰি কৰে ৷

নগৰ উন্নয়ণ বিভাগৰ মন্ত্ৰী হৰদ্বীপ সিং পুৰীয়ে সদৰি কৰা সৰ্বেক্ষণ তথ্যত প্ৰকাশ কৰে যে, ভাৰতৰ 62 খন চহৰত স্বচ্ছতাৰ প্ৰয়োজন ৷ যাৰ বাবে স্বচ্ছতাৰ ব্যৱস্থা কৰা অতিকৈ প্ৰয়োজন ৷ তাৰ ভিতৰত 52 খন চহৰৰ ঘাটত জাৱৰ-যোথৰ নেপেলাবলৈ তথা ঘাটসমূহ প্ৰদূষণ মুক্ত কৰিবলৈ 'এণ্টি-লিটৰিংগ'ৰ বাৰ্তা প্ৰেৰণ কৰা হৈছিল ৷

আনহাতে, বিষয় সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে টুইটাৰযোগে কয় যে, "সেই সমূহ চহৰলৈ শুভেচ্ছা জ্ঞাপন কৰিছো যিয়ে # SwachhSurvekshan2020 ত শীৰ্ষ স্থান লাভ কৰিছে ৷ এই চহৰসমূহৰ পৰা দেশৰ অন্য চহৰসমূহে অনুপ্ৰাণিত হ'ব বুলি আশা প্ৰকাশ কৰিলো ৷ এনেধৰণৰ প্ৰতিযোগিতাসমূহে স্বচ্ছ ভাৰত মিছনক আৰু অধিক শক্তিশালী কৰাৰ উপৰিও লাখ লাখ জনসাধাৰণ উপকৃত হ'ব বুলি মত প্ৰকাশ কৰে প্ৰধানমন্ত্ৰী মোডীয়ে ৷

আৰু পঢ়কঃঅন্ধ্ৰ প্ৰদেশৰ দুগ্ধ পামত গেছ নিৰ্গমন, আহত 14

ABOUT THE AUTHOR

...view details