মুকলিত মল ত্যাগৰ সমস্যাৰ পৰা গ্ৰামীণ ভাৰত মুক্ত বুলি ২ অক্টোবৰত প্ৰধানমন্ত্ৰীয়ে নৰেন্দ্ৰ মোডীয়ে ঘোষণা কৰিছিল । তেওঁ কৈছিল,“ স্বচ্ছ ভাৰতৰ অংশস্বৰূপে আমি ৬০ মাহত ১১ কোটি শৌচাগাৰ নিৰ্মাণ কৰাৰ লগতে ৬০ কোটি লোকৰ উপকাৰ সাধন কৰিছো। সমগ্ৰ পৃথিৱীয়ে এই কাৰ্যত আচৰিত হৈ পৰিছে।” তেওঁৰ এই অনবদ্য কৃতিত্বৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে এই বৰ্ষৰ ছেপ্টেম্বৰ মাহত বিল এণ্ড মিলিণ্ডা গেটছ ফাউণ্ডেশ্যনৰ পৰা'Global Goalkeeper'ৰ সন্মান লাভ কৰিছে। কিন্তু ৭৬ সংখ্যক এন এছ এছ অৰ্থাৎ নেশ্যনেল চেম্পল ছাৰ্ভেৰ অংশ হিচাপে ৰাষ্ট্ৰীয় পাৰিসংখ্যিক কাৰ্যালয়ে প্ৰকাশ কৰা ‘বিশুদ্ধ খোৱাপানী,অনাময়,পৰিষ্কাৰ-পৰিচ্ছন্নতা,বাসগৃহৰ অৱস্থা’ বিষয়ক শেহতীয়া প্ৰতিবেদনে প্ৰধানমন্ত্ৰীৰ বক্তব্যৰ বিপৰীত ছবি উন্মোচন কৰে। এই প্ৰতিবেদন মতে দেশৰ গ্ৰামাঞ্চলৰ ২৯ শতাংশ পৰিয়ালৰে নাই শৌচালয়। ওড়িশা আৰু উত্তৰ প্ৰদেশৰ প্ৰায় আধাসংখ্যক পৰিয়ালেই এই সমস্যাৰ ভুক্তভোগী। অনুৰূপ অৱস্থাত ঝাৰখণ্ড,তামিলনাডু আৰু ৰাজস্থানৰ গ্ৰামাঞ্চলৰ ৩০ শতাংশ পৰিয়ালৰ। স্বচ্ছ ভাৰত অভিযানৰ অংশ হিচাপে চৰকাৰে শৌচালয় নিৰ্মাণ কৰা লোকসকলক আৰ্থিক সাহায্য প্ৰদান কৰিব লাগে। কিন্তু প্ৰতিবেদনে উদঙাই দিয়া তথ্যমতে ভাৰতৰ গ্ৰামাঞ্চলৰ মাত্ৰ ১৭ শতাংশ পৰিয়ালহে ইয়াৰ সুবিধা লাভ কৰিছে। যিহেতু এন এছ এছৰ প্ৰতিবেদনক চৰকাৰে অস্বীকাৰ কৰিব নোৱাৰে সেয়ে প্ৰতিবেদনখন প্ৰকাশ কৰাৰ বাবে ছমাহ সময় বিলম্ব কৰা হৈছিল। দেশৰ নিবনুৱা সমস্যাৰ হাৰ ৬.১ শতাংশ বুলি প্ৰকাশ কৰা নেশ্যনেল চেম্পল ছাৰ্ভে অৰ্গেনাইজেশ্যনৰ প্ৰতিবেদনখনো পলমকৈ প্ৰকাশ কৰা হৈছিল। প্ৰায় ছমাহ পাছত এই প্ৰতিবেদনখন ৰাজহুৱা কৰা হৈছিল। দেশৰ সকলো গাঁৱতে বিদ্যুৎ সংযোগ হোৱা বুলি বিগত বৰ্ষৰ এপ্ৰিল মাহত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ঘোষণা কৰিছিল। দুমাহ পাছত নীতি আয়োগ ৰকফেলাৰ ফাউণ্ডেশ্যনৰ সহযোগত প্ৰকাশ কৰা প্ৰতিবেদনৰ মতে ভাৰতৰ গ্ৰামাঞ্চলৰ ৪.৫ মিলিয়ন পৰিয়ালৰেই নাই বিদ্যুৎ সংযোগৰ সুবিধা ।
উপৰুৱা পৰ্যবেক্ষণঃ
এই বৰ্ষৰ ছেপ্টেম্বৰ মাহত মধ্য প্ৰদেশৰ শিৱপুৰী জিলাৰ ভাৱখেড়ী গাঁও পঞ্চায়তৰ কাৰ্যালৰ সমীপত মুকলিত মূত্ৰ বিসৰ্জন কৰাৰ বাবে দুটি দলিত শিশুক এদল লোকে মৰিয়াই মৰিয়াই হত্যা কৰিছিল। প্ৰকৃত কথাটো হ’ল যে দুয়োটা ভুক্তভোগী পৰিয়ালৰেই নাছিল কোনোধৰণৰ শৌচালয়। কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা পৰিচালিত স্বচ্ছ ভাৰত যোগাযোগ পুঁজিৰ মতে ভাৱখেৰী গাঁওখন মুকলিত মল ত্যাগৰ সমস্যাৰ পৰা মুক্ত বুলি স্বীকৃত হোৱাৰ লগতে উত্তৰ প্ৰদেশৰ ৰায়বেৰেলী জিলাৰ কোনো গাঁৱতে এই সমস্যা নাই। কিন্তু বাস্তৱ সত্য সম্পূৰ্ণ পৃথক। যদি গ্ৰামসভাই স্বচ্ছ ভাৰত অভিযানৰ অংশ হিচাপে কোনো গাঁৱক মুকলিত মল ত্যাগৰ পৰা মুক্ত বুলি ঘোষণা কৰে চৰকাৰে ইয়াক দুটা স্তৰৰ পৰীক্ষণৰ দ্বাৰা নিশ্চিত কৰিব লাগে। চৰকাৰে এই কাম স্বতন্ত্ৰ তৃতীয় পক্ষ আৰু নিজাববীয়া ব্যৱস্থাৰ দ্বাৰা কৰিব লাগে। গ্ৰামসভাই ঘোষণা কৰাৰ তিনি মাহ পাছত এই দলসমূহে গাঁওখন পৰিদৰ্শন কৰি প্ৰকৃত সত্য উদঘাটন কৰিব লাগে। বহু ৰাজ্যত এই পৰিদৰ্শন ভালদৰে কৰা নহয় ।২৬ ছেপ্টেম্বৰলৈকে ওড়িশাৰ ২৩,৯০২ খন গাঁৱৰ প্ৰথম পৰ্যায়ৰ পৰিদৰ্শন সম্পূ্ৰণ হৈছে ।কিন্তু ৩০ ছেপ্টেম্বৰৰ ভিতৰ এই হাৰ ৫৫ শতাংশলৈ বৃদ্ধি পায়-অৰ্থাৎ ৩৭ হাজাৰ গাঁৱৰ প্ৰথম পৰ্যায়ৰ পৰিদৰ্শন সম্পন্ন হয়। অৰ্থাৎ ৪ দিনতে ১৩খন গাঁও পৰিদৰ্শন কৰা হৈছে। নিৰ্ধাৰিত প্ৰক্ৰিয়া মতে এখন গাঁৱত ক্ষেত্ৰ পৰিদৰ্শনৰ বাবে এমাহতকৈ বেছি সময় লাগে। দেশত মুকলিত মলত্যাগ বুলি ঘোষিত ছয় লাখ গাঁৱতে দ্বিতীয় পৰ্যায়ৰ পৰিদৰ্শন মাত্ৰ ২৫ শতাংশতহে কৰা হৈছে । উত্তৰ প্ৰদেশৰ অ’ ডি এফ হিচাপে স্বীকৃত ৯৭,০০০ গাঁৱৰ ১০ শতাংশতহে দ্বিতীয় পৰ্যায়ৰ পৰীক্ষণ কাৰ্য সম্পন্ন কৰা হৈছে । ওড়িশাৰ ৪৭ হাজাৰ গাঁৱৰ এখনতো কোনোধৰণৰ দ্বিতীয় পৰ্যায়ৰ পৰিদৰ্শন কৰা হোৱা নাই । দহখন ৰাজ্যতক এই দ্বিতীয় পৰ্যায়ৰ পৰীক্ষণ কৰা হোৱা নাই । যদিও এই গাঁওসমূহ কাগজে-পত্ৰই মুকলিত মলত্যাগৰ পৰা মুক্ত বা অ’ ডি এফ হিচাপে স্বীকৃত,প্ৰকৃততে এই গাঁওসমূহত কাহানিও মুকলিত মল ত্যাগ কৰা কাৰ্য বন্ধ হোৱা নাই। মাত্ৰ নিৰ্ধাৰিত টাৰ্গেটত উপনীত হোৱাৰ বাবে সঠিক প্ৰক্ৰিয়াসমূহ পালন কৰা নহয় ।
লক্ষ্য প্ৰশংসনীয়ঃ
মহাত্মা গান্ধীৰ স্বচ্ছ ভাৰতৰ সপোনক বাস্তৱায়িত কৰাৰ উদ্দেশ্যে পাঁচ বছৰ পূৰ্বে চৰকাৰে স্বচ্ছ ভাৰত অভিযানৰ কথা ঘোষণা কৰিছিল। চৰকাৰৰ উদ্দেশ্য আছিল এই বৰ্ষৰ ২ অক্টোবৰ অৰ্থাৎ মহাত্মা গান্ধীৰ ১৫০ সংখ্যক জন্ম জয়ন্তীত দেশক মুকলিত মল ত্যাগ মুক্ত বুলি ঘোষণা কৰা। এই উদ্দেশ্যে নেতাসকলে চৰকাৰী যন্ত্ৰটোৰ ওপৰত হেঁচা প্ৰয়োগ কৰিবলৈ ধৰে। এই বৰ্ষৰ ২ অক্টোবৰত চৰকাৰে নিৰ্ধাৰিত লক্ষ্যত উপনীত হোৱা বুলি ঘোষণা কৰে । বিগত পাঁচ বছৰত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে স্বচ্ছ ভাৰত অভিযানৰ বাবে ৮০ হাজৰ কোটিতকৈ অধিক টকা ব্যয় কৰিছে । চৰকাৰী প্ৰতিবেদনমতে ১০.১৬ কোটি ঘৰত শৌচালয় নিৰ্মাণ কৰা হৈছে । চৰকাৰী লোকসকলক বহু দৰিদ্ৰ লোকক এই লক্ষ্যত উপনীত হোৱাৰ বাবে হাৰাশাস্তি কৰা বুলিও অভিযোগ উত্থাপিত হয় । ভাৰতৰ অনাময় ব্যৱস্থা প্ৰত্যক্ষ কৰাৰ বাবে ‘The Team’ৰ বিশেষ প্ৰতিবেদক লিঅ’ হিলাৰে এই কথা প্ৰকাশ কৰে । তেওঁ কৈছিল, “লক্ষ্যত উপনীত হোৱাৰ বাবে বিষয়া-কৰ্মচাৰীসকলে ৰাইজৰ লগত কৰ্তৃত্বসূচক আৰু অভদ্ৰ আচৰণ কৰিছে।” শৌচালয় নথকা লোকসকলৰ ৰেচন কাৰ্ড আৰু বিদ্যুৎ সংযোগ বাতিল কৰাৰ ঘটনা তেওঁ উদাহৰণ হিচাপে দিয়ে ।