অসম

assam

ETV Bharat / bharat

জম্মু-কাশ্মীৰত ইণ্টাৰনেট আৰু যোগাযোগ সেৱা বাতিল

ছফ্টৱেৰ স্বাধীনতা আইন কেন্দ্ৰৰ ইণ্টাৰনেট বাতিল অনুসন্ধানৰ মতে, যোৱা সাত বছৰত জম্মু আৰু কাশ্মীৰে আংশিক আৰু সম্পূৰ্ণ মিলাই মুঠ 180 বাৰ ইণ্টাৰনেট কৰ্তনৰ সন্মুখীন হৈছে । এই আচৰিত সংখ্যাই এইটো কথা বুজাই যে যোগাযোগ সেৱা বাতিল কৰা কার্য জম্মু-কাশ্মীৰত সততে হৈ থাকে কিন্তু কাশ্মীৰী সকলে নিজেও হয়তো প্ৰথম অনুমান কৰিব পৰা নাছিল যে তেওঁলোক এখন গণতান্ত্ৰিক দেশৰ দ্বাৰা হোৱা সৰ্বকালৰ দীৰ্ঘতম সম্পূৰ্ণ ইণ্টাৰনেট সেৱা বাতিলৰ যুগটোত প্ৰৱেশ কৰিবলৈ গৈ আছে ।

By

Published : Feb 6, 2020, 1:11 AM IST

suspension of telecommunication and internet services in Jammu Kashmir
জম্মু-কাশ্মীৰত ইণ্টাৰনেট আৰু যোগাযোগ সেৱা বাতিল

4 আগষ্ট, 2019ত কেন্দ্ৰীয় চৰকাৰে জম্মু কাশ্মীৰত ইণ্টাৰনেট আৰু যোগাযোগ সেৱা বাতিল কৰাৰ বাবে আদেশ জাৰি কৰিছিল । লগে লগে প্ৰাকয় 1 কোটি নাগৰিকৰ অনলাইন সেৱা সমূহ ব্যৱহাৰ কৰাৰ মৌলিক স্বাধীনতা নোহোৱা হ'ল । ছফ্টৱেৰ স্বাধীনতা আইন কেন্দ্ৰৰ ইণ্টাৰনেট বাতিল অনুসন্ধানৰ মতে, যোৱা সাত বছৰত জম্মু আৰু কাশ্মীৰে আংশিক আৰু সম্পূৰ্ণ মিলাই মুঠ 180 বাৰ ইণ্টাৰনেট কৰ্তনৰ সন্মুখীন হৈছে । এই আচৰিত সংখ্যাই এইটো কথা বুজাই যে যোগাযোগ সেৱা বাতিল কৰা কার্য জম্মু কাশ্মীৰত সততে হৈ থাকে কিন্তু কাশ্মীৰী সকলে নিজেও হয়তো প্ৰথম অনুমান কৰিব পৰা নাছিল যে তেওঁলোক এখন গণতান্ত্ৰিক দেশৰ দ্বাৰা হোৱা সৰ্বকালৰ দীৰ্ঘতম সম্পূৰ্ণ ইণ্টাৰনেট সেৱা বাতিলৰ যুগটোত প্ৰৱেশ কৰিবলৈ গৈ আছে ।

এইটো আৰু গোপন কথা নহয় যে বৰ্তমান ইণ্টাৰনেট গণতন্ত্ৰত অংশগ্ৰহণ কৰাৰ এক গুৰুত্বপূৰ্ণ আহিলা । সংযোগৰ পৰিকাঠামো নোহোৱা হোৱাটোৱে সামাজিক আৰু অৰ্থনৈতিক ক্ষতি কৰে, ছাত্ৰ সকল গুৰুত্বপূৰ্ণ শৈক্ষিক পাথেয়ৰ পৰা বঞ্চিত হয়, চিকিৎসা আৰু জৰুৰীকালীন সেৱাসমূহ প্ৰশাসনিক অসুবিধাৰ সন্মুখীন হয় আৰু ঘৰুৱা ব্যৱসায়ৰ বৃহৎ ক্ষতি হয় । গৱেষক জেন ৰেদজাকৰ শেহতীয়া গৱেষণাৰ মতে ইণ্টাৰনেট সেৱা বাতিলে চৰকাৰে কোৱাৰ দৰে শান্তি আৰু সামাজিক সুস্থিৰতা সুনিশ্চিত নকৰে । তেওঁৰ মতে ইণ্টাৰনেট সেৱাই শান্তিপূৰ্ণ আৰু সংগবদ্ধভাৱে প্ৰতিবাদ কৰাত সহায় কৰে, ইণ্টাৰনেট বাতিলে প্ৰতিবাদবোৰক হিংসাৰ পথলৈ লৈ যাব পাৰে ।
যেতিয়া "কাশ্মীৰী টাইমচ"ৰ সম্পাদক অনুৰাধা ভাসিনে ইণ্টাৰনেট সেৱা বাতিল কৰাৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ কাষ চাপে তেতিয়া উচ্চতম ন্যায়ালয়ে আইন সম্পৰ্কীয় কথাবোৰ চোৱাৰ সুবিধা পায়। দুৰ্ভাগ্যজনকভাৱে চৰকাৰে ইণ্টাৰনেট সেৱা বাতিলৰ আদেশ প্ৰকাশ কৰাত ব্যৰ্থ হয় বা ন্যায়ালয়ৰ সন্মুখত প্ৰস্তুত কৰাত ব্যৰ্থ হয় ।

এইবছৰৰ 10 জানুৱাৰীত প্ৰদান কৰা অন্তিমটো শুনানিত উচ্চতম ন্যায়ালয়ে সাংবিধানিক নীতি সুনিশ্চিত কৰি ভৱিষ্যতৰ বাবে এটা প্ৰগতিশীল ধাৰা প্ৰতিস্থা কৰাত গুৰুত্ত্ব দিয়ে । সৰ্বপ্ৰথমে ন্যায়ালয়ে ঘোষণা কৰে যে 19 নং অনুচ্ছেদৰ জৰিয়তে সংবিধানে, “কথা কোৱা আৰু প্ৰকাশ কৰাৰ স্বাধীনতা আৰু যিকোনো কাম কৰাৰ স্বাধীনতা বা ইণ্টাৰনেট যোগে কাম কৰাৰ স্বাধীনতা" সুৰক্ষিত কৰে । দ্বিতীয়তে ন্যায়ালয়ে কয় যে, অনিৰ্দিষ্ট কালৰ বাবে ইণ্টাৰনেট সেৱা বন্ধৰ নিৰ্দেশ আৰোপ কৰিব নোৱাৰে, প্ৰতি সপ্তাহতে ইয়াক বিচাৰ কৰি সিদ্ধান্ত দিয়াটো বাঞ্চনীয় আৰু যি সিদ্ধান্ত ন্যায়ালয়ৰ বিচাৰৰ অন্তৰ্গত । এইদৰে উচ্চতম ন্যায়ালয়ে ভৱিষ্যতে ইণ্টাৰনেট বাতিলৰ ক্ষেত্ৰত অধিক প্ৰতিৰোধ আৰোপ কৰাৰ পথ প্ৰসস্ত কৰিছে। যিকি নহওক বিভিন্ন চিন্তাবিদে কৈছে যে কিছুমান অত্যাৱশ্যকীয় সেৱা পুনঃ আৰম্ভ কৰাৰ বাদে উচ্চতম ন্যায়ালয়ে এই ক্ষেত্ৰত কাশ্মীৰী নাগৰিকক সকাহ দিয়াত সফল নহ'ল ।

উচ্চতম ন্যায়ালয়ৰ ৰায়দানৰ লগে লগে জম্মু কাশ্মীৰ চৰকাৰে ইণ্টাৰনেট সেৱা প্ৰদানকাৰী সকলক 2G ইণ্টাৰনেট সেৱা পুনৰ প্ৰদান কৰিবলৈ আদেশ দিয়ে কিন্তু কেৱল 301তা ৱেবছাইটৰ বাবেহে এই ইণ্টাৰনেট সেৱা উপলব্ধ হ'ব । এই তালিকাখনে বহুত সেৱাৰ অন্তৰ্ভুক্তিও কৰিলে, লগতে বহিৰ্ভুক্তও কৰিলে। গুৰুত্বপূৰ্ণভাৱে ইণ্টাৰনেট সেৱাৰ এই বিধিসমূহে সেৱা উপভোগ কৰাৰ ক্ষেত্ৰত কিছু নিয়মৰ সূচনা কৰিলে । কিন্তু প্ৰযুক্তিগত ক্ষেত্ৰত এই বিধিসমূহে আধুনিক ৱেবৰ কাৰ্যকাৰিতাক সম্পূৰ্ণৰূপে ভুলকৈ বুজিলে । যেতিয়া কোনোবাই এটা ৱেবচাইটৰ লগত সংযোগ স্থাপন কৰে, প্ৰায়েই সেই ৱেবচাইটোৱে অন্য চাৰ্ভাৰৰ পৰা বস্তু ডাউনলোড কৰায় ৷ যদিহে অকল কেইটামান ৱেবচাইটৰ কাৰণেহে ইণ্টাৰনেট সেৱা উপলব্ধ হয়, হোৱাইট লিষ্ট নোহোৱা উৎসবোৰ পোৱা নাযাব ৷ ৰোহিনী লক্ষানে আৰু প্ৰতীক ৱাঘ্ৰেৰ এটা পৰীক্ষাত গম পোৱা গৈছে যে এই ৩০১ টা ৱেবচাইটৰ অকল ১২৬ টাহে কিবাপ্ৰকাৰে ব্যৱহাৰযোগ্য ।

উচ্চতম ন্যায়ালয়ৰ আদেশৰ স্বাভাৱিক পৰিণতি যেন দেখালেও ইয়াৰ এটা বিধায়িনী ভেটিও আছে । এই আদেশে ঔপনিৱেশিক সময়ৰ ভাৰতীয় টেলিগ্ৰাফ অধিনিয়মৰ অধীনত হোৱা ২০১৭ চনৰ টেলিকম সেৱাৰ অস্থায়ী কৰ্তন নিয়মৰ কথা কয় । এই নিয়মাৱলীয়ে চৰকাৰক ইণ্টাৰনেট আৰু টেলিকম ব্যৱস্থা বাতিলৰ ক্ষমতা দিছে, কিন্তু হোৱাইট লিষ্ট কৰাৰ কোনোধৰনৰ কথা নাই কোৱা । তথ্য-প্ৰযুক্তি আইনৰ ৬৯ এ ধাৰা অনুসৰি কেন্দ্ৰীয় চৰকাৰে আৰু ন্যায়ালয়ে কিছু ৱেবচাইট বন্ধ কৰিব পাৰে। ৰাষ্ট্ৰীয় নিৰাপত্তাৰ কাৰণেহে চৰকাৰে এই ৱেবচাইটসমূহ বন্ধ কৰিব পাৰে । সেইকাৰণেই ৱেবচাইটক হোৱাইট লিষ্ট কৰা কথাটোৰ কোনো ধৰণৰ বাস্তৱিক ভিত্তি নাই । ভি পি এনৰ দৰে ব্যবস্থা ব্যৱহাৰ কৰি কাশ্মীৰীসকলে কিছু সেৱা উপভোগ কৰাৰ ক্ষেত্ৰত নিৰাপত্তা বাহিনীয়ে বাধা প্ৰদান কৰাৰ খবৰ আহিছিল, যদিওবা এইসমূহ ব্যৱস্থা ব্যৱহাৰ কৰিব নোৱাৰা কোনো আইনৰ কথা উল্লেখ নাই ।

কাশ্মীৰত যোৱা ৭ মাহ ধৰি ইণ্টাৰনেট আৰু টেলিকম ব্যৱস্থা বাতিল কৰি ৰখা হৈছে। কাশ্মীৰীসকলক দীঘলীয়া সময় ধৰি মৌলিক অধিকাৰ সাব্যস্ত কৰাত বাধা দিয়াটো এক চূড়ান্ত ভুল কৰা হৈছে যিটো ভৱিষ্যতেও শুধৰাব পৰা নাযাব । পূৰ্ণ বন্ধৰ এক মাহৰ পিছত, চৰকাৰে এক নতুন সংশোধনীৰ মাজেৰে হয়তো সীমিত প্ৰয়োগৰ ঠাইত নতুন ব্যৱস্থা ল'ব পাৰিলে হেঁতেন । নতুন দশক এটাত সোমোৱাৰ লগে লগে বিশ্বৰো চকু আমাৰ ওপৰত আছে । কিছুমান অজুহাত যেনে দেশৰ আভ্যন্তৰীণ নিৰাপত্তা আৰু সাৰ্বজনিক ব্যৱস্থা দেখুৱাই যিয়ে জনসাধাৰণৰ অধিকাৰক বাধা দিছিল, তেওঁলোকক ইতিহাসে সহজতে আঁকোৱালি ল'ব নোৱাৰে ।


(গুৰসাবাদ গ্ৰোভাৰে ইণ্টাৰনেট আৰু সমাজকেন্দ্ৰৰ মত প্ৰকাশৰ অধিকাৰ গোটত আইনী আৰু প্ৰযুক্তিগত গৱেষণাৰ প্ৰবন্ধন কৰে, মতামতবোৰ ব্যক্তিগত ।)

আৰু পঢ়কঃমেহমুদ মাডানীৰ সৈতে ইটিভি ভাৰতৰ আছুতীয়া সাক্ষাৎকাৰ

ABOUT THE AUTHOR

...view details