নেশ্যনেল ডেস্ক,25 মেঃ সোমবাৰে জম্মু-কাশ্মীৰৰ কাথুৱা জিলাৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তত সন্দেহযুক্ত প্ৰশিক্ষণপ্ৰাপ্ত এটা গুপ্তচৰ পাকিস্তনী পাৰ চৰাই আটক কৰা হয় । সীমান্তৰ বিষয়াসকলে জনায় যে, দেহত গোপন বাৰ্তা লিখা থকা পাৰ চৰাইটোক পাকিস্তানৰ দিশৰ পৰা উৰি অহাৰ পিছতে মনয়াৰী গাঁৱৰ হৰিনগৰ চেক্টৰত বন্দী কৰা হয় ।
জম্মু-কাশ্মীৰত আটক পাকিস্তানী গুপ্তচৰ পাৰ চৰাই - পাকিস্তানী গুপ্তচৰ পাৰ চৰাই
জম্মু-কাশ্মীৰত আটক পাকিস্তানী গুপ্তচৰ পাৰ চৰাই । দেহত গোপন বাৰ্তা লিখা থকা পাৰ চৰাইটোক পাকিস্তানৰ দিশৰ পৰা উৰি অহাৰ পিছতে মনয়াৰী গাঁৱৰ হৰিনগৰ চেক্টৰত বন্দী কৰা হয় ।
![জম্মু-কাশ্মীৰত আটক পাকিস্তানী গুপ্তচৰ পাৰ চৰাই Suspected 'spy' pigeon from Pakistan captured along IB in J-K](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-7342888-thumbnail-3x2-j.jpg)
জম্মু-কাশ্মীৰত আটক পাকিস্তানী গুপ্তচৰ পাৰ চৰাই
জম্মু-কাশ্মীৰত আটক পাকিস্তানী গুপ্তচৰ পাৰ চৰাই
বিষয়াগৰাকীয়ে কয় যে, সুৰক্ষা সংস্থাই পাৰ চৰাইটোৰ গাত থকা গোপন বাৰ্তাটো বুজাৰ বাবে চেষ্টা অব্যাহত ৰাখিছে । পাৰ চৰাইটোৰ এখন ভৰিত এটা আঙুঠিত কিছুমান নম্বৰ লিখিত আছে বুলি জানিবলৈ দিয়ে কাথুৱাৰ জ্যেষ্ঠ আৰক্ষী অধিক্ষক শৈলেন্দ্ৰ মিশ্ৰই ।
লগতে পঢ়ক- কৰ্তব্য পালনৰ বাবে সাজু দেশৰ বিমান কৰ্মী