নিউজ ডেস্ক, ২৪ জুন : অভিনেতা সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ মৰণোত্তৰ পৰীক্ষাৰ চূড়ান্ত তথ্য আহি পৰিছে মুম্বাই আৰক্ষীৰ হাতত । যিখন ৰিপৰ্টত ৫ জন চিকিৎসকে স্বাক্ষৰ কৰিছে ।
ৰিপৰ্ট অনুসৰি, অভিনেতাজনৰ শৰীৰত কোনো ধৰণৰ আঘাতৰ চিন নাই । আনকি অভিনেতাজনৰ হাত-ভৰিৰ আঙুলিও পৰিস্কাৰ হিচাপে পোৱা গৈছে । গতিকে আত্মহত্যাত মৃত্যু হোৱাটো স্পষ্ট হৈছে ।
উল্লেখযোগ্য যে, ১৪ জুনত মুম্বাইৰ নিজ বাসগৃহত অভিনেতাজনে আত্মহত্যা কৰিছিল আৰু উক্ত দিনাই মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছিল ।
মুম্বাই আৰক্ষীৰ হাতত সুশান্ত সিঙৰ মৰণোত্তৰ পৰীক্ষাৰ চূড়ান্ত ৰিপৰ্ট এই ঘটনাৰ বাবে মুম্বাই আৰক্ষীয়ে অভিনেতাজনৰ আত্মীয়, বন্ধু-বান্ধবী, পৰিয়ালৰ লোক তথা কৰ্মচাৰী সকলৰ বিবৃতি গ্ৰহণ কৰিছিল । ইয়াৰ লগতে বলীউদ অভিনেতা শেখৰ সুমনে অভিনেতাজনৰ ন্যায়ৰ বাবে “justiceforSushantforum” নামৰ এখন মঞ্চ গঠন কৰিছিল । যাৰ জৰিয়তে তেওঁলোকে আত্মহত্যা সম্পৰ্কত CBI ৰ তদন্ত বিচাৰিছিল ।
লগতে পঢ়ক : হিন্দু সকলৰ উপাসনাৰ বাবে পাকিস্তানত নিৰ্মাণ কৰা হ'ব শ্ৰীকৃষ্ণ মন্দিৰ