ছিটাৰা ডেস্ক, 21 আগষ্ট :মুম্বাইৰ নিজ বাসগৃহত আত্মহত্যা কৰা অভিনেতা সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ তদন্ত বৰ্তমানেও অব্যাহত আছে ৷ তদন্ত অব্যাহত থকাৰ সময়তে সুশান্ত সিং ৰাজপুতৰ প্ৰেমিকা ৰিয়া চক্ৰৱৰ্তীৰ এটা হোৱাটছএপ বাৰ্তালাপে পুনৰ এই তদন্তক এক নতুন মাত্ৰা প্ৰদান কৰিছে ৷ অভিনেত্ৰী ৰিয়া চক্ৰৱৰ্তীয়ে 8 জুনত উক্ত বাৰ্তা ছবি নিৰ্মাতা মহেশ ভাটক প্ৰদান কৰিছিল ৷
ইফালে, ৰিয়া চক্ৰৱৰ্তীয়ে প্ৰেৰণ কৰা মেছেজৰ জৰিয়তে এইটো বুজা গৈছিল যে, সেই দিনাই ৰিয়া চক্ৰৱৰ্তীয়ে অভিনেতা সুশান্ত সিং ৰাজপুতৰ সৈতে সম্পৰ্ক বিচ্ছেদ কৰিছিল ৷ ৰিয়াৰ মেছেজৰ পৰা এইটোও স্পষ্ট হৈছিল যে, ৰিয়াৰ পিতৃয়ে অভিনেতা সুশান্ত সিঙৰ সৈতে সম্পৰ্কক সহজভাবে ল'ব পৰা নাছিল ৷