নিউজ ডেস্ক, ১৭ জুনঃবলীউড অভিনেতা সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ ঘটনা সন্দৰ্ভত ছবি নিৰ্মাতা কৰণ জোহাৰ,পৰিচালক সঞ্জয় লীলা ভাঞ্চালী,অভিনেতা চলমান খান,প্ৰযোজক একতা কাপুৰ আদিকে ধৰি আন চাৰিগৰাকী লোকৰ বিৰুদ্ধে গোচৰ দাখিল কৰা হৈছে। বিহাৰৰ মুজাফ্ফৰপুৰৰ এখন আদালতত সুধিৰ কুমাৰ ওজা নামৰ এগৰাকী অধিবক্তাই দাখিল কৰে এজাহাৰ।
সুশান্ত সিং ৰাজপুতৰ আত্মহত্যাঃ প্ৰযোজক,পৰিচালক,অভিনেতাসহ মুঠ ৮ গৰাকীৰ বিৰুদ্ধে গোচৰ দাখিল - entertainment news
সূশান্ত সিং ৰাজপুতৰ আত্মহত্যাৰ ঘটনাৰ সৈতে কৰণ জোহাৰ,একতা কাপুৰ,সঞ্জয় লীলা ভাঞ্চালী,চলমান খান আদিকে ধৰি কেইবাগৰাকী বলিউড চেলিব্ৰেটিৰ নাম সাঙোৰ খাইছে। ইতিমধ্যে প্ৰযোজক,পৰিচালক,অভিনেতাসহ মুঠ ৮ গৰাকীৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ কেইবাটাও অনুচ্ছেদৰ অধিনত গোচৰ দাখিল কৰা হৈছে।
![সুশান্ত সিং ৰাজপুতৰ আত্মহত্যাঃ প্ৰযোজক,পৰিচালক,অভিনেতাসহ মুঠ ৮ গৰাকীৰ বিৰুদ্ধে গোচৰ দাখিল Sushant Singh Rajput suicide](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-06:41-sushant-singh-rajput-x3u0uxb1592396680630-79-1706email-1592396692-962.jpg)
Sushant Singh Rajput suicide: Case filed against Karan Johar, Salman Khan, Ekta Kapoor, others in Bihar
ভাৰতীয় দণ্ডবিধিৰ ৩০৬,১০৯,৫০৪ আৰু ৫০৬ অনুচ্ছেদ অনুসৰি এজাহাৰ দাখিল কৰা হয়। উল্লেখ্য যে,অভিনেতা সুশান্ত সিং ৰাজপুতে মুম্বাইৰ বান্দ্ৰাস্থিত নিজ বাসগৃহত আত্মহত্যা কৰিছিল। সম্প্ৰতি এই আত্মহত্যাৰ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।
লগতে চাওকঃ লংকাত চুৰি সামগ্ৰী উদ্ধাৰ