অসম

assam

ETV Bharat / bharat

হতাশাৰ বাবে সুশান্ত সিং ৰাজপুতে লোৱা নাছিল চিকিৎসকে দিয়া ঔষধ

সুশান্ত সিং ৰাজপুতৰ বাসগৃহৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰা নথি-পত্ৰ অনুসৰি বিগত কেইবামাহ ধৰি মানসিক হতাশা, উচ্চ ৰক্তচাপ আদিত ভুগি আছিল সুশান্তে । কিন্তু হতাশা দূৰ কৰিবৰ বাবে চিকিৎসকে দিয়া কোনোধৰণৰ ঔষধ খোৱা নাছিল সুশান্তে।

Sushant Singh Rajput
Sushant Singh Rajput did not take any medicine prescribed by doctor

By

Published : Jun 15, 2020, 7:02 PM IST

এণ্টাৰটেইনমেণ্ট ডেস্ক, ১৫ জুনঃ মুম্বাইৰ কোপাৰ হাস্পতালত মৰণোত্তৰ পৰীক্ষা কৰা হয় বলীউড অভিনেতা সুশান্ত সিং ৰাজপুতৰ । মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন অনুসৰি অভিনেতাগৰাকীয়ে আত্মহত্যা কৰাটো নিশ্চিত হয়।

প্ৰয়াত অভিনেতাগৰাকীৰ বাসগৃহৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰা নথি-পত্ৰ অনুসৰি বিগত কেইবামাহ ধৰি মানসিক হতাশা, উচ্চ ৰক্তচাপ আদিত ভুগি আছিল সুশান্তে । কিন্তু হতাশা দূৰ কৰিবৰ বাবে চিকিৎসকে দিয়া কোনোধৰণৰ ঔষধ খোৱা নাছিল সুশান্তে।

অভিনেতাগৰাকীয়ে এই চূড়ান্ত সিদ্ধান্ত গ্ৰহণৰ সময়ত মুম্বাইৰ বান্দ্ৰাস্থিত বাসগৃহত উপস্থিত আছিল তেখেতৰ দুগৰাকী ৰান্ধনী আৰু এজন মেনেজাৰ। ইতিমধ্যে আৰক্ষীয়ে এই সন্দৰ্ভত তদন্তৰ বাবে তিনিওগৰাকীৰে ভাষ্য গ্ৰহণ কৰিছে। তদুপৰি, চৰকাৰী তথ্য় অনুসৰি অভিনেতাগৰাকীৰ নাছিল কোনো বিত্তীয় সংকট।

হতাশাৰ বাবে সুশান্ত সিং ৰাজপুতে লোৱা নাছিল চিকিৎসকে দিয়া ঔষধ

উল্লেখ্য যে, আত্মহত্যাৰ কিছুসময় পূৰ্বে সুশান্তে প্ৰেয়সী বুলি চৰ্চিত হোৱা ৰিয়া চক্ৰৱৰ্তী আৰু তেওঁলোকৰ বন্ধু মহেশ চেট্টিক ফোন কৰিছিল। কিন্ত মহেশ চেট্টিয়ে উঠোৱা নাছিল সুশান্তৰ ফোন।

এক বিশেষ সূত্ৰৰ পৰা লাভ কৰা তথ্য অনুসৰি কিছুদিন পূৰ্বে কাজিয়াত লিপ্ত হৈছিল ৰিয়া আৰু সুশান্ত। আৰক্ষীয়ে এই আত্মহত্যাৰ ঘটনাৰ বাবে শীঘ্ৰে প্ৰেয়সী বুলি চৰ্চিত হোৱা ৰিয়া চক্ৰৱৰ্তী, বন্ধু মহেশ চেট্টি, প্ৰাক্তন প্ৰেমিকা অংকিতা লোখাণ্ডে আৰু বিগত ২৪ ঘণ্টাত সুশান্তৰ সংস্পৰ্শত অহা সকলো লোককে সোধ-পোচ আৰম্ভ কৰিব বুলি জানিব পৰা গৈছে।

লগতে পঢ়ক :
কোভিড-১৯ ৰ পৰিস্থিতি সন্দৰ্ভত অমিত শ্বাহৰ সৰ্বদলীয় বৈঠক

ABOUT THE AUTHOR

...view details