চিটাৰা ডেস্ক, ২ছেপ্টেম্বৰ: প্ৰয়াত অভিনেতা সুশান্ত সিং ৰাজপুতৰ আত্মহত্যাৰ ঘটনাৰ তদন্তত নিতৌ পোহৰলৈ আহিছে ন ন চাঞ্চল্যকৰ তথ্য। কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থা, নাৰ্ক'টিক্স কন্ট্ৰ'ল ব্যুৰ' আৰু এনফ'ৰ্চমেণ্ট ডাইৰেক্ট'ৰেটে ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে। বুধবাৰে CBI য়ে ৰিয়া চক্ৰৱৰ্তীৰ পিতৃ ইন্দ্ৰজিত্ চক্ৰৱৰ্তী, সুশান্তৰ ফ্লেটমেট সিদ্ধাৰ্থ পিথানিক সোধ-পোচ কৰে । লগতে সকলো ঘটনাৰ সঠিক বিৱৰণী দিবলৈ নিৰ্দেশ দিয়ে ।
সুশান্তৰ মৃত্যুৰ তদন্ত: CBI, NCB, EDৰ তদন্তৰ সবিশেষ - death-row
সুশান্ত সিং ৰাজপুতৰ মৃত্যু ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থা, নাৰ্ক'টিক্স কন্ট্ৰ'ল ব্যুৰ' আৰু এনফ'ৰ্চমেণ্ট ডাইৰেক্ট'ৰেটে। বুধবাৰে ৰিয়া চক্ৰৱৰ্তীৰ পিতৃ ইন্দ্ৰজিৎ চক্ৰৱৰ্তী, সুশান্তৰ ফ্লেটমেট সিদ্ধাৰ্থ পিথানিক CBIয়ে সোধ-পোচ কৰে । নাৰ্ক'টিক্স কন্ট্ৰ'ল ব্যুৰ'য়ে আব্দুল বাসিত পৰিহাৰ আৰু জৈড বিলাত্ৰাক গ্ৰেপ্তাৰ কৰে।
![সুশান্তৰ মৃত্যুৰ তদন্ত: CBI, NCB, EDৰ তদন্তৰ সবিশেষ সুশান্তৰ মৃত্যুৰ তদন্ত: CBI, NCB, EDৰ তদন্তৰ সবিশেষ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-8652856-385-8652856-1599048906971.jpg)
আনহাতে, নাৰ্ক'টিক্স কন্ট্ৰ'ল ব্যুৰ'য়ে বান্দ্ৰাৰ পৰা আব্দুল বাসিত পৰিহাৰ আৰু জৈড বিলাত্ৰাক গ্ৰেপ্তাৰ কৰে। আব্দুল আৰু জৈডৰ সম্পৰ্ক আছে ৰিয়া চক্ৰৱৰ্তী আৰু ৰিয়াৰ সহযোগী ছেমুৱেল মিৰাণ্ডাৰ সৈতে । ৰিয়াৰ ভাতৃ শৌভিক চক্ৰৱৰ্তীৰ নিৰ্দেশত ড্ৰাগছ ক্ৰয় কৰা অভিযোগ উত্থাপন হৈছে ছেমুৱেল মিৰাণ্ডাৰ বিৰুদ্ধে । ড্ৰাগছ সৰবৰাহৰে জড়িত বিলাত্ৰাই নাৰ্ক'টিক্স কন্ট্ৰ'ল ব্যুৰ'ৰ জেৰাত প্ৰকাশ কৰিছে যে, বান্দ্ৰাত বিলাত্ৰাৰ এখন ভোজনালয় আছে । লকডাউনৰ বাবে ব্যৱসায় বন্ধ হৈ থকাত আৰ্থিক অনাটনত ভুগিছিল বিলাত্ৰাই । নাৰ্ক'টিক্স কন্ট্ৰ'ল ব্যুৰ'ই প্ৰকাশ কৰা তথ্য অনুসৰি বিলাত্ৰাৰ ভোজনালয়ৰ ব্যৱসায় বন্ধ হৈ পৰাত ড্ৰাগছ সৰবৰাহ আৰম্ভ কৰিছিল । ইয়াৰ মাজতে প্ৰয়াত অভিনেতাগৰাকীৰ বন্ধু তথা ব্যৱসায়ৰ অংশীদাৰ বৰুণ মাথুৰকো সোধ-পোচৰ বাবে এনফ'ৰ্চমেণ্ট ডাইৰেক্ট'ৰেটে বুধবাৰে তলব কৰে। উল্লেখ্য যে, ১৯ আগষ্টত উচ্চতম ন্যায়ালয়ে CBIক সুশান্তৰ মৃত্যু তদন্তৰ দায়িত্ব অৰ্পণ কৰিছিল।