অসম

assam

ETV Bharat / bharat

যুদ্ধবিৰতি উলংঘণ ! স্থলসেনা প্ৰধানৰ নিয়ন্ত্ৰণৰেখা ভ্ৰমণ - স্থলসেনা প্ৰধান জেন. মনোজ মুকুন্দ নাৰাভানে

পাকিস্তানৰ দ্বাৰা বাৰে বাৰে সংঘটিত হৈ থকা যুদ্ধবিৰতি উলংঘণৰ মাজতে আজি নিয়ন্ত্ৰণৰেখা ভ্ৰমণ কৰিব দেশৰ স্থলসেনা প্ৰধান জেনেৰেল মনোজ মুকুন্দ নাৰাভানে ৷ সৈনিক দলৰ মাজত উৎসাহ আৰু কৰ্মস্পৃহা বৃদ্ধি কৰাৰ লগতে পৰিস্থিতি বুজ লোৱাৰ বাবে নিয়ন্ত্ৰণৰেখা পৰিদৰ্শন কৰিব স্থলসেনা প্ৰধানে ৷

স্থলসেনা প্ৰধান জেনেৰেল মনোজ মুকুন্দ নাৰাভানে
স্থলসেনা প্ৰধান জেনেৰেল মনোজ মুকুন্দ নাৰাভানে

By

Published : Apr 16, 2020, 2:45 PM IST

নিউজ ডেস্ক, 16 এপ্ৰিলঃ বৃহস্পতিবাৰে কাশ্মীৰ ভ্ৰমণলৈ যাব দেশৰ স্থলসেনা প্ৰধান জেনেৰেল মনোজ মুকুন্দ নাৰাভানে ৷ জম্মু-কাশ্মীৰৰ আন্তঃৰাষ্ট্ৰীয় সীমান্ত নিয়ন্ত্ৰণৰেখাত ক্ৰমান্বয়ে বৃদ্ধি পাই থকা যুদ্ধবিৰতি উলংঘণৰ মাজতে এইদৰে নিয়ন্ত্ৰণৰেখা ভ্ৰমণৰ সিদ্ধান্ত গ্ৰহণ কৰিছে সেনাপ্ৰধানগৰাকীয়ে ৷ প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ শীৰ্ষ সূত্ৰই প্ৰকাশ কৰিছে এই তথ্য ৷

লগতে পঢ়কঃCOVID-19: নাগৰিকক দেশলৈ প্ৰত্যাৱৰ্তনৰ বাবে ভাৰতৰ সহায় ভিক্ষা পাকিস্তানৰ

সীমান্তৰ সীপাৰৰ পৰা পাকিস্তানৰ সমৰ্থিত সন্ত্ৰাসবাদীৰ ভাৰতত অনুপ্ৰৱেশৰ ঘটনা আৰু পাকিস্তানী সেনাৰ দ্বাৰা দিনক-দিনে যুদ্ধবিৰতি উলংঘণ বৃদ্ধি, দুয়োটা দিশৰে বুজ ল’বলৈ সীমান্তত উপস্থিত হ’ব স্থলসেনা প্ৰধানগৰাকী ৷ কৰ’ণা ভাইৰাছৰ দ্বাৰা সৃষ্ট মহামাৰীৰ সময়ত পাকিস্তানৰ এই বৰ্বৰ কাণ্ড ব্যৰ্থ কৰি তুলিবলৈয়ে সেনাপ্ৰধানগৰাকীয়ে এই সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি জানিব পৰা গৈছে ৷

স্থলসেনা প্ৰধান জেনেৰেল মনোজ মুকুন্দ নাৰাভানে

লগতে পঢ়কঃচুবুৰীয়া ৰাষ্ট্ৰৰ সহায়াৰ্থে সাজু কৰি ৰখা হৈছে ভাৰতীয় সেনা

শ্ৰীনগৰস্থিত প্ৰতিৰক্ষা মুখপাত্ৰ কৰ্ণেল ৰাজেশ কালিয়াই প্ৰকাশ কৰা অনুসৰি, শ্ৰীনগৰত উপস্থিত হৈ সেনাৰ 15 ক’ৰৰ পৰা বিদ্ৰোহী-বিৰোধী আৰু অনুপ্ৰৱেশ বিৰোধী অভিযানৰ বিষয়ে বুজ লোৱাৰ লগতে নিয়ন্ত্ৰণৰেখাও ভ্ৰমণ কৰিব সেনাপ্ৰধানগৰাকীয়ে ৷ ভাৰতৰ ভূমিত পাকিস্তানী সন্ত্ৰাসবাদীৰ প্ৰৱেশ সহজ কৰি তুলিবলৈ পাকিস্তানে কিছুদিনৰ পৰা সীমান্তত যুদ্ধবিৰতি চুক্তি ধাৰাবাহিকভাৱে উলংঘণ কৰি আহিছে বুলি সেনাৰ মুখপাত্ৰগৰাকীয়ে ইটিভি ভাৰতৰ আগত প্ৰকাশ কৰে ৷

লগতে পঢ়কঃLoC ত পাকিস্তান আৰ্মীৰ গোলাবৰ্ষণ

তথ্য অনুসৰি, চলিত বৰ্ষত বৰ্তমান সময়লৈকে পাকিস্তানে 1,200 বাৰ যুদ্ধবিৰতি উলংঘণ কৰিছে ৷ জানুৱাৰী মাহত 367 বাৰ, ফেব্ৰুৱাৰী মাহত 382 বাৰ আৰু মাৰ্চ মাহত 411 বাৰ যুদ্ধবিৰতি উলংঘণ কৰিছে পাকিস্তানে ৷ বিগত বৰ্ষত নিয়ন্ত্ৰণৰেখাত 3,479 বাৰ যুদ্ধবিৰতি উলংঘণ কৰিছিল পাকিস্তানে ৷

ABOUT THE AUTHOR

...view details