অসম

assam

ETV Bharat / bharat

আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা সন্ন্যাস সুৰেশ ৰাইনাৰ - মহেন্দ্ৰ সিং ধোনী

মহেন্দ্ৰ সিং ধোনীৰ পাচতেই আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা সন্ন্যাস ঘোষণা সুৰেশ ৰাইনাৰ ৷

Suresh Raina declared retirement from international cricket
Suresh Raina declared retirement from international cricket

By

Published : Aug 15, 2020, 10:56 PM IST

স্পৰ্টছ ডেস্ক, 15 আগষ্ট : আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটক বিদায় দিলে ভাৰতীয় ক্ৰিকেটৰ দুই তাৰকা ক্ৰমে মহেন্দ্ৰ সিং ধোনীৰ লগতে সুৰেশ ৰাইনাই ৷ আইপিএলৰ বাবে চেন্নাইত অনুষ্ঠিত শিবিৰত উপস্থিত হৈয়ে চেন্নাই চুপাৰ কিংছৰ দুই খেলুৱৈয়ে ইনষ্টাগ্ৰাম প’ষ্ট যোগে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা নিজৰ অৱসৰৰ কথা ঘোষণা কৰে ৷ ইনষ্টাগ্ৰামত ‘‘It was nothing but lovely playing with you, @mahi7781. With my heart full of pride, I choose to join you in this journey. Thank you India. Jai Hind! 🇮🇳’’ এই বুলি প’ষ্ট কৰে ৰাইনাই ৷

দীৰ্ঘদিনৰ পৰাই ভাৰতীয় ক্ৰিকেট দলত স্থান লাভৰ পৰা বঞ্চিত হৈ আছিল সুৰেশ ৰাইনা ৷ শেষবাৰৰ বাবে ইংলেণ্ডৰ বিৰুদ্ধে 2018 চনৰ 17 জুলাইত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত দেখা পোৱা গৈছিল ৰাইনাক ৷

আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ ধোনী-ৰাইনাৰ

ৰাইনাৰ নিজৰ ক্ৰিকেট কেৰিয়াৰত 18 খন টেষ্ট মেচৰ 31 টা ইনিংছত 768 ৰান কৰাৰ বিপৰীতে 226 খন এদিনীয়া মেচৰ 194 টা ইনিংছত 5615 ৰান কৰিবলৈ সক্ষম হৈছিল ৷ আনহাতে আন্তঃৰাষ্ট্ৰীয় টি-20 ক্ৰিকেটৰ 78 খন মেচৰ 66 টা ইনিংছত ৰাইনাৰ নামত আছে 1605 ৰান৷ ৰাইনাৰ নামত আছে টেষ্টত 1 টা, এদিনীয়াত 5 টা আৰু টি-20 ত 1 টা শতক ৷

উল্লেখ্য যে, আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ তিনিওটা ফৰ্মেটত শতক অৰ্জন কৰা প্ৰথমগৰাকী ভাৰতীয় খেলুৱৈ হৈছে সুৰেশ ৰাইনা ৷

লগতে চাওক-আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটক বিদায় মহেন্দ্ৰ সিং ধোনীৰ

ABOUT THE AUTHOR

...view details