অসম

assam

ETV Bharat / bharat

দিল্লীত ডকাইতিৰ সন্মুখীন উচ্চতৰ ন্যায়ালয়ৰ মহিলা উকীল - supreme court lawyer in West Rajouri Garden

দিল্লীৰ ৱেষ্ট ৰাজৌৰি গাৰ্ডেন অঞ্চলত উচ্চতম ন্যায়ালয়ৰ উকীল সুধা গুপ্তাৰ পৰা দুজন যুৱকে কাঢ়ি নিয়ে সোণৰ চেইন ৷ চিচিটিভি কেমেৰাত আৱদ্ধ সমগ্ৰ ঘটনা ৷

Supreme Court lawyer robbed of gold chain in Delhi
দিল্লীত ডকাইতিৰ সন্মুখীন উচ্চতৰ ন্যায়লয়ৰ মহিলা উকীলৰ

By

Published : Feb 27, 2020, 8:19 PM IST

নেশ্যনেল ডেস্ক, 27 ফেব্ৰুৱাৰী:উচ্চতম ন্যায়ালয়ৰ এগৰাকী মহিলা উকীলৰ ডিঙিৰ পৰা সোণৰ চেইন থপিয়াই নিয়ে দুজন স্কুটাৰ আৰোহীয়ে ৷ চিচি টিভি কেমেৰাত আৱদ্ধ হয় সমগ্ৰ ঘটনা ৷ ঘটনা অনুসৰি বৃহস্পতিবাৰে উচ্চতম ন্যায়লয়ৰ উকীল সুধা গুপ্তাই দিল্লীৰ ৱেষ্ট ৰাজৌৰি গাৰ্ডেনস্থিত নিজ গৃহৰ ওচৰৰে বজাৰৰ পৰা গাখীৰ ক্ৰয় কৰিবলৈ আহোতে হঠাৎ দুজন স্কুটাৰ আৰোহীয়ে থপিয়াই নিয়ে ডিঙিত পিন্ধি থকা সোণৰ চেইনডাল ৷ সৌভাগ্যক্ৰমে উক্ত অঞ্চলটোত সংলগ্ন হৈ থকা চিচি টিভি কেমেৰাত আৱদ্ধ হয় এই সমগ্ৰ চুৰি ঘটনাটো ৷

ঘটনা সন্দৰ্ভত সুধা গুপ্তাই কয় যে, তেখেতে বজাৰৰ গাখীৰ ক্ৰয় কৰি ঘৰলৈ আহি থকা অৱস্থাত স্কুটাৰত আহি থকা দুজন যুৱকে তেখেতৰ সোণৰ চেইন ডাল থাপ মাৰি লৈ যায় ৷ কিন্তু যুৱকৰ দুজনৰ মুখকেইখন দেখিবলৈ সক্ষম নহয় তেখেতে ৷ তেখেতে ঘটনাটো ৰাতিপুৱা 8 বজাত সংঘটিত হয় বুলি জনাই ৷

তেখেত অপৰাধী কেইজনৰ সন্দৰ্ভত কয় যে, "সাধাৰণতে কোনো একোটা নিৰ্দিষ্ট স্থানৰ অপৰাধী সন্দৰ্ভত স্থানীয় আৰক্ষীৰ ওচৰত তথ্য থাকে ৷ গতিকে বৰ্তমান দেখা যাওঁক আৰক্ষীয়ে কিদৰে অপৰাধী দুজনক আটক কৰে ৷"

বৰ্তমান ঘটনা সন্দৰ্ভত ভুক্তভোগী উকীল গৰাকীৰ সাক্ষ্য আৰু আৱদ্ধ চিচি টিভি ফুটেজক ভিত্তি কৰি তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে ৷

লগতে পঢ়কঃআজমেৰ দৰগাহক বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি প্ৰদান কৰি আটক এজন:

ABOUT THE AUTHOR

...view details