অসম

assam

ETV Bharat / bharat

প্ৰব্ৰজিত শ্ৰমিকক বিনামূলীয়া সেৱা প্ৰদানৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ - বিনামূলীয়া খাদ্য আৰু আশ্ৰয়স্থল প্ৰদানৰ বাবে ৰাজ্যসমূহক নিৰ্দেশ

প্ৰব্ৰজিত শ্ৰমিকক বিনামূলীয়া সেৱা প্ৰদানৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ ৷ 5 জুনত এই বিষয়ত পৰৱৰ্তী শুনানি গ্ৰহণ কৰা হ'ব ৷

ৰাজ্য আৰু কেন্দ্ৰ চৰকাৰক নিৰ্দেশ
প্ৰব্ৰজিত শ্ৰমিকক বিনামূলীয়া সেৱা প্ৰদানৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

By

Published : May 28, 2020, 4:41 PM IST

নেশ্যনেল ডেস্ক, 28 মে': প্ৰব্ৰজিত শ্ৰমিকসকলক বিনামূলীয়া খাদ্য আৰু আশ্ৰয়স্থল প্ৰদানৰ বাবে ৰাজ্যসমূহক নিৰ্দেশ প্ৰদান কৰিছে উচ্চতম ন্যায়ালয়ে ৷ প্ৰব্ৰজিত শ্ৰমিক সম্পৰ্কত এক শুনানি গ্ৰহণ কৰি উচ্চতম ন্যায়ালয়ে কয়, "নিজ স্থানত উপনীত হ'বৰ বাবে প্ৰব্ৰজিত শ্ৰমিকসকলে বহু কষ্টৰ সন্মুখীন হৈছে ৷ পঞ্জীয়ন, যাতায়ত আৰু খাদ্য আৰু পানী প্ৰদানত যথেষ্ট ক্ৰুটি পৰিলক্ষিত হৈছে ৷"

ৰাজ্য আৰু কেন্দ্ৰ চৰকাৰক তৎকালীন ভাৱে ব্যৱস্থা গ্ৰহণ কৰিবলৈ কিছু নিৰ্দেশনা প্ৰদান কৰিছে সৰ্বোচ্চ ন্যায়ালয়ে -

1. প্ৰব্ৰজিত শ্ৰমিকৰ পৰা ট্ৰেইন আৰু বাছৰ কোনো ধৰণৰ ভাড়া লোৱা নহ'ব ৷ ৰেলৰ ভাড়া ৰাজ্যসমূহে বহন কৰিব ৷

2. কোনো নিৰ্দিষ্ট ৰাজ্য অথবা কেন্দ্ৰীয় শাসিত অঞ্চললৈ যাবৰ বাবে শ্ৰমিকসকলে ট্ৰেইন আৰু বাছৰ বাবে অপেক্ষা কৰিব লগা পৰিস্থিতি হ'লে সেই ৰাজ্যসমূহেই খাদ্য প্ৰদান কৰিব লাগিব ৷

3. প্ৰব্ৰজিত শ্ৰমিকসকলৰ পঞ্জীয়নৰ সমগ্ৰ ব্যৱস্থা ৰাজ্যসমূহে চোৱা-চিতা কৰা উচিত ৷ ইয়াৰ পাচতে তেওঁলোকক অতি সোনকালে ট্ৰেইন অথবা বাছৰ জৰিয়তে নিজ স্থানলৈ উভতি যোৱাটো ৰাজ্য চৰকাৰে নিশ্চিত কৰিব লাগিব ৷

4. সম্পূৰ্ণ তথ্য সকলো সংশ্লিষ্ট মহলক প্ৰদান কৰা উচিত ৷

উল্লেখ্য যে, 5 জুনত এই বিষয়ত পৰৱৰ্তী শুনানি গ্ৰহণ কৰা হ'ব ৷

ABOUT THE AUTHOR

...view details