অসম

assam

ETV Bharat / bharat

ন্যায়ালয়ত ফাইবাৰ অপ্তিকেল নেটৱৰ্কৰ দৰে ব্যৱস্থাৰ আহ্বান উচ্চতম ন্য়ায়ালয়ৰ - Supreme Court calls for fiber optic network in court

নিজাকৈ গ্ৰহণ কৰা গোচৰৰ শুনানীত দেশৰ মহাধিবক্তা কে কে বেণুগোপালক "ফাইবাৰ অপ্তিকেল নেটৱৰ্ক"ৰ ক্ষেত্ৰত সিদ্ধান্ত ল'বৰ বাবে NIC আৰু আইন মন্ত্ৰণালয়ৰ সৈতে বৈঠক অনুষ্ঠিত কৰিবলৈ আহ্বান জনালে শীৰ্ষ আদালতে ৷ বিশেষকৈ উত্তৰ-পূৱ ভাৰতত ফাইবাৰ অপ্তিকেল নেটৱৰ্কৰ সুবিধা নথকাৰ হেতু মুখ্য ন্যায়াধীশ গৰাকীয়ে এইক্ষেত্ৰত কৃত্ৰিম উপগ্ৰহৰ সহায় ল'বলৈকো পৰামৰ্শ প্ৰদান কৰাৰ লগতে এই নেটৱৰ্কৰ বাবে ভাড়া দিয়া হ'ব বুলিও মন্তব্য আগবঢ়ালে ৷

Supreme Court calls for fiber optic network in court
ন্যায়ালয়ত ফাইবাৰ অপ্তিকেল নেটৱৰ্কৰ ব্যৱস্থা কৰাৰ আহ্বান উচ্চতম ন্য়ায়লয়ৰ

By

Published : Oct 27, 2020, 8:06 AM IST

নতুন দিল্লী,27অক্টোবৰঃসোমবাৰে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ এছ.এ ববডেৰ নেতৃত্বধীন এক খণ্ড বিচাৰপীঠে ভিডিঅ’ কনফাৰেন্সৰ লগতে তথ্যৰ আদান-প্ৰদানৰ ক্ষেত্ৰত উন্নত সুবিধা আৰু সেৱাৰ বাবে "ফাইবাৰ অপ্তিকেল নেটৱৰ্ক"ৰ ব্যৱস্থা কৰিবলৈ কেন্দ্ৰীয় চৰকাৰক আহ্বান জনায় ৷

শীৰ্ষ আদালতে কৰ'ণা ভাইৰাছৰ সময়চোৱাত নিজাকৈ গ্ৰহণ কৰা এক গোচৰৰ শুনানীৰ জৰিয়তে ন্যায়ালয়ৰ কামকাজ ভাৰ্চুৱেলি পৰিচালনা কৰিবৰ বাবে কেন্দ্ৰীয় চৰকাৰক এই আহ্বান জনাইছিল ৷ গোচৰৰ শুনানীত দেশৰ মহাধিবক্তা কে কে বেণুগোপালক"ফাইবাৰ অপ্তিকেল নেটৱৰ্ক"ৰ ক্ষেত্ৰত সিদ্ধান্ত ল'বৰ বাবে NIC আৰু আইন মন্ত্ৰণালয়ৰ সৈতে বৈঠক অনুষ্ঠিত কৰিবলৈ কোৱা হয় ৷ বিশেষকৈ উত্তৰ-পূৱ ভাৰতত ফাইবাৰ অপ্তিকেল নেটৱৰ্কৰ সুবিধা নথকাৰ হেতু মুখ্য ন্যায়াধীশ গৰাকীয়ে এইক্ষেত্ৰত কৃত্ৰিম উপগ্ৰহৰ সহায় ল'বলৈকো পৰামৰ্শ প্ৰদান কৰাৰ লগতে এই নেটৱৰ্কৰ বাবে ভাড়া দিয়া হ'ব বুলিও মন্তব্য আগবঢ়ালে ৷

উচ্চতম ন্যায়ালয়ৰ এই আহ্বানৰ পিছতে ৰিলায়েন্স জিঅ'ৰ অধিবক্তা হৰিশ চালভেও ৰিলায়েন্স জিঅ'ৰ ওচৰত সকলোতকৈ উন্নত ফাইবাৰ অপ্তিকেল নেটৱৰ্কৰ ব্যৱস্থা আছে বুলি মন্তব্য কৰাত উচ্চতম ন্যায়লয়ে অধিবক্তা গৰাকীক ন্যায়ালয়ৰ ই-কমিটিৰ সৈতে যোগাযোগ কৰিবলৈ নিৰ্দেশ দিয়ে ৷ তদুপৰি উচ্চতম ন্যায়ালয়ৰ খণ্ড বিচাৰপীঠে ভাৰতবৰ্ষৰ সমূহ উচ্চ ন্যায়ালয়ত ভাৰ্চুৱেলী শুনানীৰ সুবিধা কৰিবৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা কৰাৰ সন্দৰ্ভতো আলোচনা কৰে ৷ মুখ্য ন্যয়াধীশ এছ.এ ববডেয়ে মহাধিবক্তা গৰাকীক উচ্চ ন্যায়ালয়কো ভিডিঅ’ কনফাৰেন্সৰ বাবে নিজাববীয়া নিয়ম প্ৰযোজ্য কৰাৰ অনুমতি প্ৰদানৰ পৰামৰ্শ প্ৰদান কৰে ৷

লগতে পঢ়কঃমিঞা সংগ্ৰহালয় সন্দৰ্ভত হিমন্ত বিশ্বৰ শৰ্মাৰ প্ৰতিক্ৰিয়া

ABOUT THE AUTHOR

...view details