নিউজ ডেস্ক, ১৬ এপ্ৰিলঃ "ভাষণেৰে নহয়, ৰেচনেৰে সহায় কৰক মোডী চৰকাৰে ।" বৃহস্পতিবাৰে এনেদৰে চৰকাৰক কটাক্ষমূলক মন্তব্য কৰে কংগ্ৰেছী নেতা কপিল ছিবালে ৷
কংগ্ৰেছী নেতা গৰাকীয়ে বৃহস্পতিবাৰে টুইটযোগে কয় যে, "আমাৰ দলে চৰকাৰক সমৰ্থন কৰাৰ বাবে সম্পূৰ্ণ প্ৰস্তুত হৈ আছো । কিন্তু চৰকাৰেও আগবাঢ়ি অহাটো প্ৰয়োজন । লাঠীচাৰ্জ,ভাষণ নহয়,ৰেচন,নগদ ধনৰ জৰিয়তেহে চলিব পাৰিব সাধৰণ জনতা ।"লগতে কয়, "মই ধন্যবাদ জনাইছো সেই সকলক যিয়ে গুৰুদ্বাৰ,মন্দিৰত ব্যক্তিগত সংগঠন তথা প্ৰতিষ্ঠান সমূহে সহায়-সহযোগিতাৰে দৰিদ্ৰ লোকসকলক আহাৰৰ যোগান ধৰি আহিছে । "