নিউজ ডেস্ক,১০ফেব্ৰুৱাৰী:চাইকেল চলাই দেশ জয় কৰাৰ সপোন মহাৰাষ্ট্ৰৰ ঔৰঙ্গাবাদৰ এজন যুৱকৰ । এই সপোন লৈয়ে ঔৰঙ্গাবাদৰ দেৱলানা গাওঁৰ সুনীল থোৰাটে চাইকেলেৰে আৰম্ভ কৰিছিল এক যাত্ৰা । ২০২০ চনৰ ১৮ ডিচেম্বৰত মহাৰাষ্ট্ৰৰ ঔৰঙ্গাবাদ জিলাৰ পৰা এই যাত্ৰা আৰম্ভ কৰিছিল সুনীলে আৰু ৫১ দিন যাত্ৰাৰ পিছত তেওঁ সফলতাৰে বাংগালুৰুত উপস্থিত হয় । এতিয়ালৈ তেওঁ প্ৰায় ৩২৮৫ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিছে ।
বাংগালুৰুত উপস্থিত হোৱাৰ পিছত সাংবাদিকৰ আগত তেওঁ উল্লেখ কৰে যে তেওঁৰ এই যাত্ৰাৰ উদ্দেশ্য় বিশ্ব ঐতিহ্য আৰু ঐতিহাসিক স্মৃতিস্তম্ভৰ সংৰক্ষণ আৰু সংৰক্ষণৰ বাবে ৰাইজক সজাগ কৰা । লগতে তেওঁ কয় যে দেশৰ প্ৰতিৰক্ষাৰ ক্ষেত্ৰত নিয়োজিত কৰ্মীসকলক শ্ৰদ্ধা জনাবলৈ তেওঁ এই চাইকেল যাত্ৰা কৰিছে । ইফালে সুনীলে জনোৱা মতে বন্ধু আৰু পৰিয়ালৰ পৰা সংগ্ৰহ কৰি অতি কম সংখ্য়ক ধন হাতত লৈ তেওঁ যাত্ৰা আৰম্ভ কৰিছিল । লগতে তেওঁক চৰকাৰী বিষয়া, সংবাদ মাধ্য়ম, শিক্ষানুষ্ঠান আদিয়েও বিভিন্ন ধৰণে সহায় সহযোগ কৰিছে । কেৱল এয়াই নহয় যাত্ৰাৰ সময়ত বহু অচিনাকি লোকে তেওঁৰ উদ্দেশ্য়ৰ কথা গম পাই সহায় কৰে বুলি জানিবলৈ দিয়ে । বাংগালুৰুৰ পৰা তেওঁ এইবাৰ ভাৰতৰ উত্তৰ দিশে ৰাওনা হ'ব । এই যাত্ৰাৰ বাবে তেওঁ এখন বিশেষ মনিকাৰ তৈয়াৰ কৰিছে য'ত লিখা আছে 'ভাৰত ভ্ৰমণ- ভাৰতজুৰি এক যাত্ৰা' ।