নিউজ ডেস্ক, 30 চেপ্তেম্বৰ: যিকোনো পীড়া নিৰাময়ৰ বাবে প্ৰকৃতিৰ আছে এক বিশেষ ক্ষমতা , আৰু প্ৰকৃতিৰ এই শক্তিকে আপোনাক আৰোগ্য কৰি তোলাৰ উদ্দেশ্যে সুখীভৱ ৱেলনেছত ব্যৱহাৰ কৰা হয় ৷ যাৰ জড়িয়তে ৰূপান্তৰৰ মাজেৰে আপুনি লাভ কৰিব এক নৱজীৱন ৷ এক ড্ৰাগ-বিহীন, পৰম্পৰাগত চিকিৎসা পদ্ধতিৰে আপোনাৰ আভ্যন্তৰীণ শক্তিৰ ভাৰসাম্য বজাই ৰাখি শৰীৰ আৰু মনৰ কল্যাণ সাধনৰ বাবে এতিয়া সাজু হৈছে হায়দৰাবাদৰ ৰাম'জী ফিল্ম চিটিত অৱস্থিত সুখীভৱ ৱেলনেছ ৷
সুখীভৱ ৰ এই বিশেষ পদক্ষেপৰ বিষয়ে আমাক আৰু অধিক তথ্য প্ৰদান কৰি সুখীভৱ ৱেলনেছৰ সঞ্চালক ডাঃ অৰ্চনা মামগিনে কয়, "এই চিকিৎসা পদ্ধতিৰ বিশেষত্ব এইয়ে যে প্ৰাকৃতিক চিকিৎসা মাধ্যমত প্ৰচলিত বিভিন্ন বিকাৰ আৰু শৰীৰৰ প্ৰতি লক্ষ্য ৰাখি এই চিকিৎসা ব্যৱস্থা পৰিকল্পনা কৰা হৈছে ৷
ডাঃ অৰ্চনা মামগিনে কয় যে, চিকিৎসাধীন লোক জনক এক নতুন গতি আৰু শক্তি প্ৰদান কৰাৰ বাবে সুখীভৱ কল্যাণে কেৱল থেৰাপি দিয়াতে সীমাবদ্ধ নাথাকি শৰীৰক বিষমুক্ত কৰাৰ বাবেও চেষ্টা কৰে ৷ ইয়াৰ বাবে প্ৰথমে ব্যক্তি জনৰ শৰীৰ বিস্তাৰিত ভাৱে নিৰীক্ষণ কৰি আৰু বুজি তেওঁৰ চিকিৎসাৰ বাবে এক যথাযথ কাৰ্যক্ৰম পৰিকল্পনা কৰা হয় ৷ সেই পৰিকল্পনাৰ অনুসৰি চিকিৎসাৰ পৰিমাণ, ডায়েট ডিজাইন আৰু বিশেষ যোগ অনুশীলন নিৰ্ধাৰণ কৰি দিয়া হয় ৷ পাচন সমস্যা, চিন্তা, অনিদ্ৰা, সৌন্দৰ্য সমস্যাৰ লগতে শৰীৰ , মন আৰু মস্তিস্কৰ ভাৰসাম্য বজাই ৰখাৰ বাবে অতীজৰে পৰা প্ৰচলিত হৈ অহা প্ৰাকৃতিক আৰু পৰম্পৰাগত চিকিৎসাৰ প্ৰতি ধ্যান ৰাখি সুখীভৱৰ চিকিৎসা পদ্ধতি পৰিকল্পনা কৰা হয় ৷ বেমাৰৰ প্ৰকৃতি আৰু সমস্যাৰ ওপৰত নিৰ্ভৰ কৰি চিকিৎসাৰ সময়সীমা আৰু মাত্ৰা নিৰ্ধাৰণ কৰা হয় ৷ যিহেতু কোৱা হয় যে এজন মানুহৰ খাদ্যাভাস তেওঁৰ মনত প্ৰতিফলিত হয়, সেয়ে চিকিৎসাধীন কালছোৱাত লোক গৰাকীক এক বিশেষ খাদ্যাভাস মানি চলিবলৈ দিয়া হয় ৷ চিকিৎসা কালছোৱাত বিশেষ ডায়েট পালন কৰাটো অতি প্ৰয়োজনীয় ৷
সুখীভৱ ৱেলনেছত শাৰীৰিক আৰু মানসিক স্বাস্থ্যৰ বাবে বিশেষ কাৰ্যক্ৰম অনুষ্ঠিত কৰা হয় ৷ আমাৰ বিশেষজ্ঞ সকলে জনাইছে যে সুখীভৱত প্ৰদান কৰা বিভিন্ন থেৰাপি সমূহৰ জড়িয়তে এজন ব্যক্তিয়ে বিভিন্ন ধৰণৰ শাৰীৰিক আৰু মানসিক ব্যাধিৰ ৰক্ষা পৰিব পাৰে ৷ এই থেৰাপি সমূহ হ'ল
1. মানাহতৃপ্তি : দ্য ষ্ট্ৰেচ মেনেজমেন্ট প্ৰগ্ৰাম
ই এক সামগ্ৰিক পদ্ধতি ৷ চিন্তাৰ অৱসান ঘটাই মন , শৰীৰ আৰু মস্তিস্কলৈ প্ৰাকৃতিক চন্দ ঘূৰাই অনাৰ বাবে তৈয়াৰী ই এক প্ৰাকৃতিক, থেৰাপিউটিক আৰু যোগ ক্ৰীয়াৰ ৰ প্ৰামানিক সংমিশ্ৰণ ৷ সকৰাত্মক পৰিৱৰ্তনেৰে চিন্তা কমাই এক সুস্থ জীৱন প্ৰদান কৰাত এই চিকিৎসা পদ্ধতি কেন্দ্ৰীভূত হৈ আছে ৷
2. সুনিদ্ৰা : দ্য স্লিপ এনৰিশমেন্ট প্ৰগ্ৰাম
এই চিকিৎসা পদ্ধতিয়ে আয়ুৰ্বেদিক আৰু প্ৰাকৃতিক থেৰাপি সংমিশ্ৰিত প্ৰতিকাৰৰ পৰা প্ৰেৰণা লাভ কৰিছে ৷ চিন্তা আৰু শাৰীৰিক অসন্তুলনৰ ফলত উদ্ধৱ হোৱা নিদ্ৰাবিহীনতাৰ সমস্যা সমাধানৰ বাবে তৈয়াৰী ই এক থেৰাপিউটিক চিকিৎসা পদ্ধতি ৷ প্ৰাকৃতিক জীৱনশৈলী আৰু পৰামৰ্শ প্ৰদানৰ লগতে অন্য বহু সমস্যাৰ সমাধান এই চিকিৎসা পদ্ধতিত সম্বলিত হৈ আছে ৷
3. সঞ্জীৱনী : দ্য পেইন মেনেজমেন্ট প্ৰগ্ৰাম
শৰীৰক শক্তিশালী, সন্তুলিত আৰু মুকলি অনুভৱ প্ৰদান কৰাৰ বাবে সঞ্জীৱনীয়ে প্ৰাকৃতিক, থেৰাপিউটিক আৰু যোগ ক্ৰিয়াৰ প্ৰামানিক মিশ্ৰণৰ ব্যৱহাৰ কৰে ৷ ডায়েট মেনেজমেন্ট এই চিকিৎসা ব্যৱস্থাৰ মুখ্য অংশ ৷ বিষ কমোৱাৰ লগতে এই চিকিৎসা ব্যৱস্থাই স্নায়ু আৰু ডিস্ক মসৃণ কৰে আৰু ডিঙিৰ কঠোৰতা নাইকিয়া কৰে ৷
4. সমামকাৰথি : দ্য বেচিক ৰিষ্ট'ৰ হাৰমনি প্ৰগ্ৰাম
ই প্ৰাকৃতিক আৰু পৰম্পৰাগত আয়ুৰ্বেদৰ এক মিশ্ৰণ ৷ প্ৰশান্তি আৰু বিশ্ৰামৰ জড়িয়তে শাৰীৰিক, মানসিক আৰু আধ্যাত্মিক সুস্থিৰতা প্ৰদান হৈছে এই ব্য়ৱস্থাৰ মুখ্য উদ্দেশ্য ৷ ই অপবিত্ৰতা দূৰ কৰে ৷ লগতে টোপনিৰ ধৰণ উন্নত কৰে ৷
5. লাৱন্য : বিউটি থেৰাপি