অসম

assam

ETV Bharat / bharat

জীৱন যুঁজত হাৰ মানিলে সুজীত উইলছনে ! - NDRF

NDRF বাহিনীয়ে উদ্ধাৰ কৰিলে দুই বছৰীয়া সুজীত উইলছনৰ মৃতদেহ ৷ তিনিদিন ধৰি জীৱনৰ সৈতে যুঁজ দি অৱশেষত মৃত্যুৰ কাষত হাৰ মানিলে কণমানি শিশুটিয়ে ৷ মঙলবাৰে সম্পন্ন কৰা হ'ব সুজীতৰ অন্ত্যেষ্টিক্ৰিয়া ৷

জীৱন যুঁজত হাৰ মানিলে সুজীত ৱিলছনে

By

Published : Oct 29, 2019, 11:24 AM IST

Updated : Oct 29, 2019, 3:02 PM IST

নিউজ ডেস্ক, 29 অক্টোবৰঃঅৱশেষত উদ্ধাৰ হ'ল দুই বছৰীয়া সুজীত উইলছনৰ মৃতদেহ ৷ তিনি দিন ধৰি জীৱনৰ সৈতে যুঁজ দি অৱশেষত মৃত্যুৰ ওচৰত হাৰ মানিলে কণমানি শিশুটিয়ে ৷ NDRF বাহিনীয়ে উদ্ধাৰ কৰে তামিলনাডুৰ নাটুকুট্টু পট্টীৰ সুজীত উইলছনৰ মৃতদেহ ৷ 25 অক্টোবৰৰ বিয়লি 5.30 বজাত খেলি থকা অৱস্থাত এটা গভীৰ খাদত পৰি গৈছিল শিশুটি ৷ উল্লেখ্য যে, শিশুটিক উদ্ধাৰৰ বাবে বিগত 80 ঘন্টা ধৰি তীব্ৰ অভিযান চলাইছিল NDRF বাহিনীয়ে ৷ পৰিবহন বিভাগৰ মুখ্য সচিব জে ৰাধাকৃষ্ণই জানিবলৈ দিয়া মতে সুজীতৰ মৃতদেহ উদ্ধাৰৰ সময়ত দেহত যথেষ্ট পৰিমাণৰ ক্ষয় ক্ষতি হৈছিল ৷ NDRF বাহিনীয়ে শিশুটিক উদ্ধাৰ বাবে যৎপৰোনাস্তি চেষ্টা চলাইছিল যদিও অৱশেষত সেয়া সম্ভৱ নহ'ল ৷

জীৱন যুঁজত হাৰ মানিলে সুজীত ৱিলছনে

উদ্ধাৰ অভিযানৰ সময়ছোৱাত হোৱা বৰষুণ আৰু শিলযুক্ত মাটিৰ বাবে যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছিল উদ্ধাৰকাৰী দল ৷ শিশুটিক সময়মতে উদ্ধাৰ কৰিবৰ বাবে জাৰ্মানীৰ পৰা অনা বিশেষ যন্ত্ৰ ব্যৱহাৰ কৰা হৈছিল ৷ প্ৰধানমন্ত্ৰী মোদীকে ধৰি কংগ্ৰেছ নেতাৰাহুল গান্ধীয়েও শিশুটিৰ বাবে ইশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছিল ৷

লগত পঢ়ক নগাঁও আৰক্ষী থানাৰ সন্মুখত এটিএম ভাঙি লণ্ড-ভণ্ড চোৰৰ

শিশুটিৰ মৃত্যুত অঞ্চলজুৰি শোকৰ ছাঁ বিৰাজ কৰিছে ৷ মঙলবাৰে সম্পন্ন কৰা হ'ব সুজীতৰ অন্ত্যেষ্টিক্ৰিয়া ৷

Last Updated : Oct 29, 2019, 3:02 PM IST

ABOUT THE AUTHOR

...view details