অসম

assam

ETV Bharat / bharat

'ইটালিয়ান গ'ল্ডেন চেণ্ড আৰ্ট এৱাৰ্ড' জয় সুদৰ্শন পাটনায়কৰ - ইটালিয়ান গ'ল্ডেন চেণ্ড আৰ্ট এৱাৰ্ডেৰে বিভূষিত সুদৰ্শন পাটনায়ক

ৰাছিয়াৰ ৰোমত অনুষ্ঠিত এক অনুষ্ঠানত 'ইটালিয়ান গ'ল্ডেন চেণ্ড আৰ্ট এৱাৰ্ড' দখল কৰিছে সুদৰ্শন পাটনায়কে ৷ এই কথা টুইটাৰৰ জৰিয়তে ব্যক্ত কৰে শিল্পীগৰাকীয়ে ৷

সুদৰ্শন পাটনায়কলৈ 'ইটালিয়ান গ'ল্ডেন চেণ্ড আৰ্ট এৱাৰ্ড'

By

Published : Nov 16, 2019, 10:22 PM IST

নেশ্বনেল ডেস্ক, 17 নৱেম্বৰ : প্ৰসিদ্ধ ভাৰতীয় শিল্পী সুদৰ্শন পাটনায়কে শুকুৰবাৰে লাভ কৰিছে ইটালিয়ান গ'ল্ডেন চেণ্ড আৰ্ট এৱাৰ্ড, 2019৷ ইটালীৰ ৰোমত অনুষ্ঠিত আন্তৰাষ্ট্ৰীয় পৰ্যায়ৰ 'স্ক'ৰানো চেণ্ড নেটিভিটি' শীৰ্ষক এক অনুষ্ঠানত ভাৰতক প্ৰতিনিধিত্ব কৰিছিল ভাৰতীয় শিল্পীগৰাকীয়ে ৷ তেওঁ বালিৰে মহাত্মা গান্ধীৰ 10 ফুট ওখ মূৰ্তি তৈয়াৰ কৰিছিল ৷

'স্ক'ৰানো চেণ্ড নেটিভিটি'ৰ সভাপতি ভিটো মাৰাশ্বিঅ'ই পাটনায়কক এই বঁটা প্ৰদান কৰে ৷ এই বঁটা প্ৰদান অনুষ্ঠানত উপস্থিত আছিল ভাৰতীয় কূটনৈতিক বিষয়া নিহাৰিকা সিং ৷

এই বঁটা লাভৰ পাচতে উৎফুল্লিত হৈ পৰা ভাৰতীয় শিল্পী সুদৰ্শন পাটনায়কে টুইটাৰৰ জৰিয়তে এই কথা ব্যক্ত কৰে৷ টুইটাৰত তেওঁ লিখে, "ৰোমত অনুষ্ঠিত 'স্ক'ৰানো চেণ্ড নেটিভিটি' অনুষ্ঠানত সভাপতি ভিটো মাৰাশ্বিঅ'ই শুকুৰবাৰে মোক ইটালিয়ান গ'ল্ডেন চেণ্ড আৰ্ট এৱাৰ্ড, 2019 বঁটা প্ৰদান কৰে ৷ এই অনুষ্ঠানত নিহাৰিকা সিঙো উপস্থিত থাকে ৷"

উল্লেখ্য যে, 2014 চনত পাটনায়কে তেওঁৰ সৃষ্টিৰাজিৰ বাবে ভাৰত চৰকাৰৰ পদ্মশ্ৰী সন্মান লাভ কৰিবলৈ সক্ষম হৈছিল ৷ 2017 চনতো তেওঁ ৰাছিয়াৰ মস্কোত অনুষ্ঠিত 10 সংখ্যক ওৱৰ্ল্ড চেণ্ড স্কাল্পচাৰ চেম্পিয়নশ্বিপত স্বৰ্ণ জয় কৰিবলৈ সক্ষম হৈছিল ৷

আৰু পঢ়ক : তথ্য জনাৰ অধিকাৰ আইনৰ আওঁতাত সৰ্বোচ্চ ন্যায়ালয় !

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

...view details