নেশ্যনেল ডেস্ক, ২৩ অক্টোবৰ:ভাৰতীয় বিমান বাহিনীৰ বহুমুখী এ এন-32 বিমানখন উত্তৰাখণ্ডৰ উত্তৰকাশী জিলাৰ চিনিআলিচৌৰ বিমানঘাটিত সফলতাৰে অৱতৰণ কৰে ৷ এক সূত্ৰ অনুসৰি ভাৰতীয় বায়ু সেনাই উত্তৰাখণ্ডৰ চিনিআলিচৌৰ বিমান ঘাটিটোক আকাশীপথৰে সংযোগ কৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছে৷ এই উদ্দেশ্যে মঙলবাৰে বায়ু সেনা বাহিনীৰ উচ্চস্তৰীয় বিষয়াসকলে বিমানঘাটিতো পৰিদৰ্শন কৰে ৷
বায়ুসেনাৰ বিষয়াসকলে স্থানীয় প্ৰশাসনৰ বিষয়াসকলৰ সৈতে সাক্ষাৎ কৰি চিনিআলিচৌৰ বিমান ঘাটিটোৰ ৰানৱেৰ সমীপতে থকা টাৰ্মিনেল, এ টি চি টাৱাৰটো পৰিদৰ্শন কৰে৷ বিগত বৰ্ষত চিনিআলিচৌৰ বিমান বন্দৰত বায়ুসেনাই পৰীক্ষামূলকভাৱে ৰানৱেত গগণশক্তি নামৰ বিমান অৱতৰণ আৰু উৰণৰ এক পৰীক্ষা সম্পন্ন কৰিছিল ৷
ভাৰত-চীন আন্তৰ্জাতিক সীমান্তৰ কৌশলগত দৃষ্টিকোণৰ পৰা চিনিআলিচৌৰ বিমান ঘাটি যথেষ্ট গুৰুত্বপূৰ্ণ হৈ পৰিছে, যাৰ বাবে বিগত দুবছৰৰ পৰা বিমান ঘাটিটোত বায়ুসেনা বাহিনীৰ কাৰ্যকলাপ বৃদ্ধি পাইছে ৷
লাডাখৰ ভাৰত চীন সীমান্তত ক্ৰমৱৰ্ধমান উত্তেজনাৰ মাজতে বায়ু সেনাবাহিনীয়ে সীমান্ত সংলগ্ন বিমান সমূহ মেৰামতি কৰিছে, যাতে কোনো ধৰণৰ যুদ্ধ সদৃশ পৰিৱেশৰ উদ্ভৱ হ'লে শত্ৰুপক্ষক প্ৰত্যাহ্বান জনাব পাৰে৷ চিনিআলিচৌৰ বিমান বন্দৰটো কৌশলগত কাৰণ আৰু ভাৰত চীন সীমান্তৰ পৰা আকাশী পথেৰে 125 কিলোমিটাৰ দূৰত অৱস্থিত ৷ সেয়ে এই বিমান ঘাটিতোৰ যথেষ্ট তাৎপৰ্য আছে বায়ু সেনাৰ বাবে ৷
উত্তৰাখণ্ডৰ চিনিআলিচৌৰ বিমানঘাটিত এএন -32ৰ সফল অৱতৰণ - চিনিআলিচৌৰ
উত্তৰাখণ্ডৰ চিনিআলিচৌৰ বিমানঘাটিত সফলতাৰে অৱতৰণ এএন -32ৰ। বিগত বৰ্ষত চিনিআলিচৌৰ বিমান বন্দৰত বায়ুসেনাই পৰীক্ষামূলকভাৱে ৰানৱেত গগণশক্তি নামৰ বিমান অৱতৰণ আৰু উৰণৰ এক পৰীক্ষা সম্পন্ন কৰিছিল ৷

উত্তৰাখণ্ডৰ চিনিআলিচৌৰ বিমানঘাটিত এএন -32ৰ সফল অৱতৰণ