অসম

assam

By

Published : Apr 24, 2020, 11:04 AM IST

ETV Bharat / bharat

COVID-19ৰ বিৰুদ্ধে কিমান গুৰুত্বপূৰ্ণ এই লক ডাউনঃ মনমোহন সিং

COVID-19 প্ৰতিৰোধ কৰিব বাবে লক ডাউন কিমান গুৰুত্বপূৰ্ণ আছিল সেয়া লক ডাউন খোলাৰ পাচতহে জানিব পৰা যাব । বৃহস্পতিবাৰে এনেদৰে মন্তব্য কৰে প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙে । ভাইৰাছ প্ৰতিৰোধ কৰিবলৈ কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ মাজত সহযোগিতা থাকিব লাগে বুলিও মন্তব্য কৰে প্ৰাক্তন প্ৰধানমন্ত্ৰী গৰাকীয়ে ।

COVID-19
COVID-19 ৰ বিৰুদ্ধে কিমান গুৰুত্বপূৰ্ণ এই লক ডাউনঃ মনমোহন সিং

নিউজ ডেস্ক, ২৩ এপ্ৰিলঃ COVID-19প্ৰতিৰোধ কৰিবলৈ দেশজুৰি দিয়া লক ডাউনৰ সাফল্য লক ডাউনৰ অন্ততহে জানিব পৰা যাব বুলি বৃহস্পতিবাৰে মন্তব্য কৰে ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ড০ মনমোহন সিঙে । তাৰোপৰি ভাইৰাছ প্ৰতিৰোধ কৰিবলৈ কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ মাজত সহযোগিতাৰ ওপৰত গুৰুত্ব দিয়াটো প্ৰয়োজন বুলি সদৰী কৰে প্ৰাক্তন প্ৰধান মন্ত্ৰী গৰাকীয়ে ।

বৃহস্পতিবাৰে কংগ্ৰেছ দলৰ অধ্য়ক্ষ ছোনিয়া গান্ধীৰ নেতৃত্বত অনুষ্ঠিত এখন বৈঠকত এই মন্তব্য কৰে মনমোহন সিঙে ।

আনহাতে,কংগ্ৰেছৰ নেতা ৰণদ্বীপ সুৰুজৱালাই টুইটযোগে কয়,ড০ মনমোহন সিঙে বৃহস্পতিবাৰে অনুষ্ঠিত হোৱা বৈঠকত কয় যে, এই যুঁজৰ সময়ত সকলোৱে সজাগ হোৱাতো আৱশ্যক । COVID-19ৰ প্ৰতিৰোধৰ বাবে যুঁজা যুঁজখনত সংশোধনৰ ওপৰত নিৰ্ভৰ কৰিব । লক ডাউনৰ পাচতে COVID-19ৰ প্ৰতিৰোধ কৰাৰ বাবে আমাৰ ক্ষমতাক জুখি চোৱা হ'ব। এই সময়ছোৱাত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ সহযোগিতা আৰু COVID-19ৰ বিৰুদ্ধে যুঁজাৰ বাবে লোৱা পদক্ষেপ সকলোতকৈ মহত্বপূৰ্ণ ।

ABOUT THE AUTHOR

...view details