অসম

assam

ETV Bharat / bharat

বিমান বন্দৰত বিমান কৰ্মীক চৰ সোধালে আৰক্ষী উপ-পৰিদৰ্শকে ! - চৰ সোধাই

17 নৱেম্বৰত গুজৰাট আৰক্ষীৰ এজন উপ-পৰিদৰ্শক সহ তিনিজন যাত্ৰীয়ে Spicejet SG 8194 নম্বৰৰ বিমান খনৰ বাবে টিকত সংগ্ৰহ কৰিছিল ৷ কিন্তু নিৰ্ধাৰিত সময়তকৈ বহু পলমকৈ বিমান বন্দৰত উপস্থিত হৈছিল উপ-পৰিদৰ্শকজন ৷ যাৰ বাবে বিমানখনত বৰ্ডিংৰ বাবে অস্বীকাৰ কৰিছিল বিমান কৰ্তৃপক্ষই ৷

sub-inspector-slaps-airline-staff-for-not-issuing-boarding-pass-at-ahmedabad-airport
বিমান কৰ্তপক্ষক চৰ সোধালে এজন আৰদক্ষীৰ উপ-পৰিদৰ্শকে

By

Published : Nov 18, 2020, 9:19 AM IST

নিউজ ডেস্ক, 18 নৱেম্বৰঃ Spicejet বিমান সংস্থাৰ কৰ্মীক খঙতে চৰ সোধাই বিপদত পৰিল গুজৰাট আৰক্ষীৰ এজন উপ-পৰিদৰ্শক ৷ এই ঘটনা সংঘটিত হয় আহমেদাবাদৰ বিমান বন্দৰত ৷

প্ৰাপ্ত খবৰ অনুসৰি যাত্ৰাৰ বাবে উপ-পৰিদৰ্শক জনে আহমেদাবাদৰ বিমান বন্দৰত দেৰিকৈ উপস্থিত হোৱাৰ বাবে Spicejet কৰ্তৃপক্ষই তেওঁক ব'ৰ্ডিঙৰ বাবে অনুমতি প্ৰদান কৰা নাছিল ৷ ইয়াৰ পিচতে কৰ্তপক্ষৰ লগত যুক্তি তৰ্কত লিপ্ত হৈছিল উপ-পৰিদৰ্শক জন ৷

উল্লেখ্য যে, 17 নৱেম্বৰত গুজৰাট আৰক্ষীৰ এজন উপ-পৰিদৰ্শক সহ তিনিজন যাত্ৰীয়ে Spicejet SG 8194 নম্বৰৰ বিমান খনৰ বাবে টিকত সংগ্ৰহ কৰিছিল ৷ কিন্তু নিধাৰিত সময়ৰ বহু পলমকৈ বিমান বন্দৰত উপস্থিত হৈছিল উপ-পৰিদৰ্শকজন ৷ যাৰ বাবে বিমানখনত বৰ্ডিংৰ বাবে অস্বীকাৰ কৰে বিমান কৰ্তৃপক্ষই ৷

ইয়াৰ পিচতে যুক্তি তৰ্ক আৰু তাৰ পিচতে এজন Spicejetৰ কৰ্মচাৰীক চৰ সোধাই বুলি অভিযোগ কৰে বিমান বন্দৰৰ কৰ্মকৰ্তাই ৷ অৱশেষত সমগ্ৰ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে বিমান বন্দৰত কৰ্তব্যৰত চিআইএচএফ জোৱানে ৷

লগতে পঢ়কঃ তিনি দিনলৈ অকলে চীনা সৈন্যক আবদ্ধ কৰি ৰখা বীৰ জোৱানজন

ABOUT THE AUTHOR

...view details