নিউজ ডেস্ক, 3 ডিচেম্বৰঃ সৌন্দৰ্য প্ৰসাধন সামগ্ৰী কাজল, লিপ-গ্লোচ জাতীয় প্ৰসাধন কঢ়িওৱা বেগে জীৱনৰ বাবে মাৰাত্মক হ’ব পাৰে বুলি এষ্টন বিশ্ববিদ্যালয়ৰ এপ্লাইড মাইক্ৰ’বায়ল’জিৰ এখন গৱেষণামুলক জাৰ্ণালৰ পৰা গম পোৱা গৈছে ৷
গ্ৰেট ব্ৰিটেইনত লাখ লাখ মানুহে প্ৰতিদিনে ব্যৱহাৰ কৰা প্ৰসাধনৰ সামগ্ৰীৰ বেগে কঢ়িয়াই E.coli আৰু Staphylococci জাতীয় প্ৰদূষক ৷ কিয়নো অধিকসংখ্যক সামগ্ৰী ম্যাদ উকলাৰ পিচতো ব্যৱহাৰ কৰি থকা পৰিলক্ষিত হয় ৷ ডাঃ অমৰিনৰ নেতৃত্বত নতুন গৱেষণাক বশীৰ আৰু এষ্টন বিশ্ববিদ্যালয়ৰ অন্তৰ্গত স্কুল আফ লাইফ এণ্ড হেল্থ চায়েন্সৰ অধ্যাপক পীটাৰ লোম্বাৰ্টে প্ৰকাশ কৰিছে ৷
ইয়াৰ পৰা উৎপন্ন হোৱা বেক্টেৰিয়াই চালৰ সংক্ৰমণৰ পৰা ৰক্ত বিষাক্ত কৰা পৰ্যন্ত বিভিন্ন বেমাৰৰ কাৰণ হ’ব পাৰে ৷ যদি চকু, মুখ বা নিজৰ কটা অংশত ব্যৱহাৰ কৰা হয় তেতিয়া ইয়াৰ সংক্ৰমণৰ সম্ভাৱনা অধিক ৰূপত দেখা যায় ৷ এই আশংকা ইমিউনোকোম্প্ৰমী মানুহৰ ক্ষেত্ৰত বাঢ়ি যোৱা দেখা যায় ৷
তুলনামুলকভাৱে নতুন প্ৰসাধনযোগ্য সামগ্ৰীৰ ক্ষেত্ৰত তাত ব্যৱহৃত স্পঞ্জৰ দ্বাৰা সৰ্বাধিক বেক্টেৰিয়াৰ উপাদান পায় বুলি গৱেষণা মতে প্ৰমাণ পোৱা গৈছে ৷ কিয়নো এবাৰ ব্যৱহাৰৰ পিচত ব্যৱহৃত স্পঞ্জ টুকুৰা তিতি থকা অৱস্থাতে থৈ দিয়া হয় য’ত বেক্টেৰিয়াৰ প্ৰজননৰ বাবে এক উত্তম কাৰক ৷