নিউজডেস্ক,7মে':5 মে'ত অনুষ্ঠিত ৰাষ্ট্ৰীয় যোগ্যতা আৰু প্ৰৱেশ পৰীক্ষা চমুকৈ নীটত অৱতীৰ্ণ হোৱাৰ পৰা বঞ্চিত কৰ্ণাটকৰ পৰীক্ষাৰ্থীলৈ সুখবৰ ৷ মানৱ সম্পদ বিকাশ মন্ত্ৰী প্ৰকাশ জাভেদকাৰে সোমবাৰে টুইটযোগে ৰে'ল পলম হৈ বঞ্চিত হোৱা পৰীক্ষাৰ্থীলৈ পুনৰ নীট দিয়াৰ সুযোগ প্ৰদানৰ কথা প্ৰকাশ কৰে ৷ মানৱ সম্পদ বিকাশ মন্ত্ৰী প্ৰকাশ জাভেদকাৰে জনোৱা অনুসৰি দেওবাৰে ৰে'ল পলম হৈ কৰ্ণাটকৰ যিসকল শিক্ষাৰ্থীয়ে নীটত অৱতীৰ্ণ হোৱাৰ পৰা বঞ্চিত হৈছিল তেওঁলোকলৈ পুনৰ পৰীক্ষা দিয়াৰ সুযোগ প্ৰদান কৰা হৈছে ৷
পুনৰ পৰীক্ষাত অৱতীৰ্ণ হ'ব পাৰিব নীটৰ বঞ্চিত পৰীক্ষাৰ্থীয়ে - কৰ্নাটক
মানৱ সম্পদ বিকাশ মন্ত্ৰী প্ৰকাশ জাভেদকাৰে সোমবাৰে টুইটযোগে ৰে'ল পলম হৈ বঞ্চিত হোৱা পৰীক্ষাৰ্থীলৈ পুনৰ নীট দিয়াৰ সুযোগ প্ৰদানৰ কথা প্ৰকাশ কৰে ৷ মানৱ সম্পদ বিকাশ মন্ত্ৰী প্ৰকাশ জাভেদকাৰে জনোৱা অনুসৰি দেওবাৰে ৰে'ল পলম হৈ কৰ্ণাটকৰ যিসকল শিক্ষাৰ্থীয়ে নীটত অৱতীৰ্ণ হোৱাৰ পৰা বঞ্চিত হৈছিল তেওঁলোকলৈ পুনৰ পৰীক্ষা দিয়াৰ সুযোগ প্ৰদান কৰা হৈছে ৷
কৰ্নাটকত ৰে'ল পলম হোৱা পৰীক্ষাৰ্থীলৈ পুনৰ নীট দিয়াৰ সুযোগ
ৰাষ্ট্ৰীয় পৰীক্ষণ এজেঞ্চিয়ে চমুকৈ এনটিএয়ে বঞ্চিত পৰীক্ষাৰ্থীসকলৰ বাবে অহা 20 মে'ৰ দিনা পৰীক্ষা আয়োজন কৰিবলৈ নিৰ্দেশ দিছে ৷ উল্লেখ্য যে এঘণ্টা পলমকৈ ৰে'ল এখন বেংগালুৰুত উপস্থিত হোৱাৰ বাবে 500গৰাকী পৰীক্ষাৰ্থীয়ে পৰীক্ষা দিব পৰা নাছিল ৷ লগতে ওড়িশাতো প্ৰাকৃতিক দুৰ্যোগৰ বাবে বঞ্চিত হোৱা পৰীক্ষাৰ্থীসকলে 20 মে'ত পৰীক্ষাত অৱতীৰ্ণ হ'ব পাৰিব ৷