অসম

assam

ETV Bharat / bharat

EIA স্থগিত কৰিবলৈ পৰিৱেশ মন্ত্ৰণালয়লৈ শীৰ্ষ বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীৰ পত্ৰ প্ৰেৰণ - পৰিৱেশ মন্ত্ৰণালয়লৈ পত্ৰ প্ৰেৰণ আগশাৰী বিশ্ববিদ্য়ালয়ৰ শিক্ষাৰ্থীৰ

বৰ্তমানৰ নতুন পৰিৱেশ প্ৰভাৱ মূল্যাংকন অধিসূচনা 2020 ৰ ওপৰত চিন্তা ব্যক্ত কৰি ভাৰতৰ বিভিন্ন বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে যুটীয়া ভাৱে পৰিৱেশ মন্ত্ৰণালয়লৈ প্ৰেৰণ কৰিছে এক পত্ৰ । য'ত EIA (Environment Impact Assessment) ক স্থগিত কৰিবলৈ দাবী উত্থাপন কৰিছে শিক্ষাৰ্থী সকলে । পৰিৱেশ বিশেষজ্ঞৰ পৰামৰ্শৰ অনুসৰি EIA ত সাল-সলনিৰ পক্ষপাতিত্ব কৰিছে শিক্ষাৰ্থী সকলে ।

Students from top varsities write to Envt Ministry, want EIA to be put on hold
Students from top varsities write to Envt Ministry, want EIA to be put on hold

By

Published : Jun 25, 2020, 6:04 PM IST

নতুন দিল্লী, 25 জুনঃ ভাৰতৰ বিভিন্ন বিশ্ববিদ্যালয়ৰ প্ৰায় 50 গৰাকীকৈ শিক্ষাৰ্থীয়ে যুটীয়া ভাৱে কেন্দ্ৰীয় পৰিৱেশ মন্ত্ৰণালয়লৈ প্ৰেৰণ কৰিছে এক বিশেষ পত্ৰ । য'ত তেওঁলোকে পৰিৱেশ প্ৰভাৱ মূল্যাংকন অধিসূচনা 2020 (EIA) ক স্থগিত কৰিবলৈ আহ্বান জনাইছে ।

দিল্লী, কৰ্ণাটক, মহাৰাষ্ট্ৰ, অসম, তেলেংগানা, ৱেষ্ট বেংগল, পাঞ্জাৱ, গোৱা, পণ্ডেচেৰী, মধ্য়প্ৰদেশ, উত্তৰ প্ৰদেশ, হাৰিয়ানা, ওড়িশা, গুজৰাট আৰু মধ্যপ্ৰদেশৰ শিক্ষাৰ্থীয়ে প্ৰেৰণ কৰিছে এই পত্ৰ । তেওঁলোকৰ দাবী EIA 2020 মঞ্জুৰী দিয়া বিষয়টো স্থগিত কৰিব লাগে । শিক্ষাৰ্থী সকলে পৰিৱেশ বিশেষজ্ঞৰ দ্বাৰা প্ৰদান কৰা পৰামৰ্শ অনুযায়ী কিছু পৰিৱৰ্তনৰ পাচত হে এইটো কাৰ্যকৰী কৰি তুলিব লাগে বুলি উল্লেখ কৰে ।

অশোকা বিশ্ববিদ্যালয়, জেএনইউএছইউ, আইআইএছইআৰ, জৈন বিশ্ববিদ্যালয়, জিণ্ডাল গ্ল'বেল আইন বিদ্যালয়, ইউথ্ ফৰ স্বৰাজ আৰু এআইএছএ ৰ দ্বাৰাও এক স্বাক্ষৰিত পত্ৰ পৰিৱেশ মন্ত্ৰী প্ৰকাশ যাৱেদকাৰলৈ এই বিষয় সন্দৰ্ভত প্ৰেৰণ কৰা হৈছে ।

সেউজীয়া পুনৰুদ্ধাৰৰ মাধ্য়মেৰে ভাৰতক COVID-১৯ ৰ মহামাৰী পৰা বাহিৰ আনিবলৈ EIA ৰ ব্য়ৱহাৰ কৰা উচিত । যদি অৰ্থনৈতিক পুনৰ জাগৰণ এটা জাতীয় অগ্ৰাধিকাৰ তেন্তে পৰিৱেশ আৰু সমাজৰ ক্ষেত্ৰতো আপোচ কৰা উচিত নহয় । এইটো দীৰ্ঘম্যাদী ভাৱে আমাৰ প্ৰাকৃতিক পৰিস্থিতিতন্ত্ৰ হয় যিটোৱে আমাৰ সমৰ্থন কৰিব বুলি কয় আশোকা বিশ্ববিদ্য়ালয়ৰ পৰিৱেশ মন্ত্ৰণালয়ৰ প্ৰমুখ্য অঞ্জলি ডালিমিয়াই ।

শিক্ষাৰ্থী সকলে EIA ৰ শেহতীয়া সংশোধনক লৈ অসন্তুষ্টি প্ৰকাশ কৰি পৰিৱেশ আৰু সমাজৰ বাবে ই এক ভয়ানক বুলি গণ্য কৰিছে । কাৰণ এইটোৱে খনন আৰু নিৰ্মাণকাৰী বহু ব্য়ৱসায়ীক বিনাশকাৰী উদ্যোগক মুকলি শাসন প্ৰদান কৰিব । মুম্বাইৰ আৰে বনাঞ্চলত প্ৰতিবাদৰ পাচতো মেট্ৰ' শ্বেড বনোৱাৰ অনুমতি প্ৰদান কৰা হৈছে । 7 মে'ত বিশাখাপট্টনমত এলজী পলিমাৰ গেছ লীক্ ঘটনা । অসমৰ বাঘজান গেছ লীক্ আদি বহু উদাহৰণ আছে । আনহাতে 2016 ত বিৰোধ প্ৰদৰ্শনৰ পাচতো গোৱাত বন্দৰ বিস্তাৰিত কৰিবলৈ ভূমিৰ অনুমতি দিয়া হৈছিল । লক্ ডাউনৰ সময় চোৱাত নদী সমূহত স্পষ্ট ভাৱে উন্নতি আৰু প্ৰদূষণৰ স্তৰ হ্ৰাস পোৱাৰ দৃশ্য প্ৰতিস্ফূত হোৱাৰ পাচতো এমআইএফচিচি (MOEFCC)য়ে এতিয়াও বিনাশকাৰী প্ৰকল্পৰ অনুমতি প্ৰদান কৰি আছে বুলি আজিম প্ৰেমজী বিশ্ববিদ্য়ালয়ৰ বহনক্ষম কমিটিৰ তানিকা শংকৰে অভিযোগ উত্থাপন কৰে ।

এই নতুন EIA অধিসূচনাৰ বিজ্ঞপ্তিত বহু কেইটা বিতৰ্কিত সংশোধনী অনা হৈছে । যাৰ ভিতৰত হৈছে অনুমোদনৰ পৰৱৰ্তী বিষয় অনুদান, ৰাইজৰ শুনানিৰ পৰা বহু কেইটা বৃহৎ উদ্যোগক ৰেহাই, উদ্য়োগৰ বাবে দুবছৰৰ পৰিৱৰ্তে বছৰত এবাৰ কমপ্লিয়েঞ্চ প্ৰতিবেদন জমা দিয়াৰ অনুমতি, পৰিৱেশ অনুমতিৰ বৈধ্য়তা বৃদ্ধি কৰা খনন প্ৰকল্প আৰু নদী উপত্যকাৰ প্ৰকল্পৰ আদিৰ বাবে । যাৰ বাবে এই EIA অধিসূচনাৰ পুনৰ সংশোধনৰ দাবী তুলি বৰ্তমানে ইয়াক স্থগিত ৰখাৰ আহ্বান জনাইছে বহু বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীয়ে ।

ABOUT THE AUTHOR

...view details