নেশ্যনেল ডেস্ক, 31 অক্টোবৰ : কৰ্ণাটকত এজন 8 বছৰীয়া ছাত্ৰৰ পঢ়াৰ প্ৰতি ধাউতিৰ বিষয়ে জানিবলৈ পালে সকলো উৎসাহিত হৈ পৰিব ৷ কৰ'ণাৰ সময়ছোৱাত সাধাৰণ জনতাই উপায়হীন হৈ ঘৰৰ পৰা বাহিৰলৈ ওলাব লগা হৈছে সেই সময়তে তৃতীয় শ্ৰেণীৰ 8 বছৰীয়া এজন ছাত্ৰই 35 কিল'মিটাৰ পথ অতিক্ৰম কৰিব লগা হৈছে ৷ ছাত্ৰজনে শিক্ষয়িত্ৰীক নিজৰ হোমৱৰ্ক দেখুৱাবৰ বাবে য়ৰিবুডিহলাৰ পৰা হুবলীলৈ যাত্ৰা কৰে ৷
নেটৱৰ্কৰ সমস্যাৰ বাবে ব্যাঘাত জন্মিছিল ছাত্ৰজনৰ শিক্ষাত
8 বছৰীয়া পৱন কান্তি এখন আৱাসিক শিক্ষানুষ্ঠানৰ তৃতীয় শ্ৰেণীৰ ছাত্ৰ ৷ কৰ'ণাৰ বাবে সকলো স্কুল বন্ধ হৈ থকাত সকলোৰে ছাত্ৰৰে শিক্ষাত বাধা আহি পৰিছিল বাবে অনলাইন শিক্ষাৰ ব্যৱস্থা কৰা হৈছে ৷ পৱনৰ বিদ্যালয়েও সকলো ছাত্ৰৰ বাবে অনলাইন শিক্ষাৰ ব্যৱস্থা কৰে ৷ কিন্তু পৱনৰ গাঁৱত নেটৱৰ্কৰ সমস্যাৰ বাবে শিক্ষাত বাধা আহি পৰিছিল ৷
এই সম্পৰ্কে পৱনৰ মাতৃয়ে শিক্ষয়িত্ৰীক জানিবলৈ দিয়ে