অসম

assam

ETV Bharat / bharat

কৰ'ণা সংক্ৰমনকলৈ কঠোৰ কোকৰাঝাৰ প্ৰশাসন

কৰ'ণা সংক্ৰমনকলৈ কঠোৰ কোকৰাঝাৰ প্ৰশাসন । চৰকাৰৰ নীতি-নিয়ম মানি চলিবলৈ আহ্বান উপায়ুক্ত পাৰ্থ প্ৰতিম মজুমদাৰৰ ৷

উপায়ুক্ত পাৰ্থ প্ৰতিম মজুমদাৰ
কৰ'ণা সংক্ৰমনকলৈ কঠোৰ কোকৰাঝাৰ প্ৰশাসন

By

Published : May 5, 2020, 7:13 PM IST

Updated : May 5, 2020, 10:21 PM IST

কোকৰাঝাৰ, 5 মে : তৃতীয় পৰ্যায়ৰ লকডাউনৰ সময়চোৱাত চৰকাৰে কিছু সংখ্যক দোকান-পোহাৰ আৰু কাৰ্যালয় খুলিবলৈ অনুমতি প্ৰদান কৰিছে যদিও চৰকাৰৰ নীতি-নিয়ম মানি চলিবলৈ আহ্বান জিলা প্ৰশাসনৰ । সেয়েহে কোকৰাঝাৰ জিলা প্ৰশাসনে কঠোৰ স্থিতি গ্ৰহণ কৰিছে বুলি সাংবাদিকৰ আগত উল্লেখ কৰে উপায়ুক্ত পাৰ্থ প্ৰতিম মুজুমদাৰে । চৰকাৰে বান্ধি দিয়া নীতি-নিয়ম অনুসৰিহে দোকান খোলাৰ নিৰ্দেশ প্ৰশাসনৰ ।

কৰ'ণা সংক্ৰমনকলৈ কঠোৰ কোকৰাঝাৰ প্ৰশাসন

কোকৰাঝাৰ জিলা সংলগ্ন ৰেড আৰু অৰেন্স জ'ন ক্ৰমে বঙাইগাঁও আৰু ধুবুৰীৰ মুখ্য প্ৰৱেশ পথবোৰক ছিল কৰি ৰখা হৈছে । কোনো ব্যক্তি আৰু বাহনক বিনা অনুমতি আৰু পৰীক্ষাৰে প্ৰৱেশ কৰিবলৈ দিয়া হোৱা নাই বুলি উল্লেখ কৰে উপায়ুক্ত পাৰ্থ প্ৰতিম মুজুমদাৰে । লগতে ৰেড আৰু গ্ৰীণ জ'নৰ সংলগ্ন গাঁওসমূহক চেনিটাইজ কৰাৰ লগতে সাৱধান কৰি দিয়া হৈছে প্ৰশাসনৰ তৰফৰ পৰা ৷

Last Updated : May 5, 2020, 10:21 PM IST

ABOUT THE AUTHOR

...view details