অসম

assam

সামাজিক মাধ্য়মৰ চৰকাৰ বিৰোধী মন্তব্য়কলৈ কঠোৰ বিহাৰ আৰক্ষী

By

Published : Jan 22, 2021, 10:57 PM IST

চৰকাৰৰ বিৰুদ্ধে মন্তব্য় কৰা লোকৰ ক্ষেত্ৰত এইবাৰ আইনী ব্য়ৱস্থা গ্ৰহণ কৰিব বিহাৰ আৰক্ষীয়ে । বিহাৰ আৰক্ষীৰ মুখ্য় কাৰ্যালয়ৰ ইক'নমিক আৰু চাইবাৰ ক্ৰাইম বিভাগে ২১ জানুৱাৰীত এক পত্ৰ যোগে এই কথা ঘোষণা কৰে ।

সামাজিক মাধ্য়মৰ চৰকাৰ বিৰোধী মন্তব্য়কলৈ কঠোৰ বিহাৰ আৰক্ষী
সামাজিক মাধ্য়মৰ চৰকাৰ বিৰোধী মন্তব্য়কলৈ কঠোৰ বিহাৰ আৰক্ষী

নিউজ ডেস্ক , ২২ জানুৱাৰী : সামাজিক মাধ্য়মত আপত্তিজনক মন্তব্য় কৰা সকলৰ ক্ষেত্ৰত কঠোৰ হ'ব বিহাৰ আৰক্ষী । চৰকাৰৰ বিৰুদ্ধে মন্তব্য় কৰা লোকৰ ক্ষেত্ৰত এইবাৰ আইনী ব্য়ৱস্থা গ্ৰহণ কৰিব বিহাৰ আৰক্ষীয়ে । বিহাৰ আৰক্ষীৰ মুখ্য় কাৰ্যালয়ৰ ইক'নমিক আৰু চাইবাৰ ক্ৰাইম বিভাগে ২১ জানুৱাৰীত এক পত্ৰ যোগে এই কথা ঘোষণা কৰে ।

বিহাৰৰ সাংসদ, বিধায়ক অথবা কোনো বিষয়াৰ বিৰুদ্ধে সামাজিক মাধ্য়মত মন্তব্য় কৰিলেই বিপদত পৰিব সেই লোক । ইকনমিক অফেনছ শাখাৰ অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান নায়াৰ হাছনাইনে এই কথা জনোৱা মতে চৰকাৰ অথবা মন্ত্ৰীৰ বিৰুদ্ধে কৰা মন্তব্য়ক চাইবাৰ ক্ৰাইমৰ ভিতৰত ধৰা হ'ব । কোনো ব্য়ক্তি অথবা গ্ৰুপৰ বিৰুদ্ধে লোৱা হ'ব আইনী ব্য়ৱস্থা । এই ধৰণৰ আপত্তিজনক মন্তব্য় দিয়া ব্য়ক্তিৰ সম্ভেদ পালে আৰক্ষীক অৱগত কৰিবলৈও ৰাইজক আহ্বান জনায় সঞ্চালক প্ৰধান গৰাকীয়ে

লগতে পঢ়ক :মেঘালয়ৰ কয়লাৰ খনিত অঘটন: অসমৰ শ্ৰমিকৰ মৃত্যু

ABOUT THE AUTHOR

...view details