নেশ্যনেল ডেস্ক, 10 ফেব্ৰুৱাৰী:নেপালৰ প্ৰধানমন্ত্ৰী কে. পি শৰ্মা অলিয়ে সংসদ ভংগ কৰাৰ বাবে লোৱা সিদ্ধান্ত তথা নতুন নিৰ্বাচন ঘোষণা কৰাৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত থকাৰ মাজতে বুধবাৰে প্ৰায় হাজাৰৰো অধিক লোকে নেপালৰ ৰাজধানীলৈ উলাই আহি প্ৰধানমন্ত্ৰী গৰাকীৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হয় ৷
নেপালৰ শাসনত অধিষ্ঠিত নেপাল কমিউনিষ্ট পাৰ্টীত ফাঁট মেলাৰ ফলত দুভাগ হোৱা অন্যটো দলে দেশৰ অন্য প্ৰান্তৰ পৰা বাছ আৰু ট্ৰাকেৰে কাঠমাণ্ডুলৈ মানুহ আনি চহৰৰ মাজমজিয়াত এক সমদল বাহিৰ কৰাৰ বাবে একগোট কৰে বুলি জানিব পৰা গৈছে ৷
উল্লেখ্য যে তিনি বছৰ পূৰ্বে নেপাল কমিউনিষ্ট পাৰ্টীয়ে নিৰ্বাচনত জয়লাভ কৰাৰ পাছত কে. পি শৰ্মা অলি নেপালৰ প্ৰধানমন্ত্ৰী পদত অধিষ্ঠিত হৈছিল ৷ শাসনত অধিষ্ঠিত হোৱাৰ পাছতে অলি আৰু দলটোৰ অন্য গৰাকী মুখ্য নেতা পুষ্প কমল দাহালৰ মাজত মত বিৰোধৰ সৃষ্টি হয় ৷