বতৰৰ আগলি বতৰা প্ৰদানকাৰী আৰু কৃষি বিষয়ক সমস্যা সমাধান কৰা প্ৰতিষ্ঠান স্কাইমেটে অনাগত খাৰিফ শস্যৰ বাবে বতৰৰ প্ৰাথমিক বতৰা লৈ আহিছে । এই ক্ষেত্ৰত পিঁয়াজৰ বজাৰৰ ওপৰত বিশেষ গুৰুত্ব প্ৰদান কৰা হৈছে । সবিশেষ প্ৰতিবেদনে উন্মোচন কৰিছে যে, বহু শস্য দক্ষিণ পশ্চিম মৌচুমীৰ সময়ত বান আৰু অধিক হাৰত বৰষুণৰ ফলত ক্ষতিগ্ৰস্ত হৈছে । স্কাইমেটৰ প্ৰতিবেদন মতে ১২ খন ৰাজ্যৰ ১৩৭ খন আক্ৰান্ত জিলাৰ ৩২ মিলিয়নতকৈ অধিক কৃষিভূমি এনেধৰণৰ প্ৰাকৃতিক দুৰ্যোগৰ দ্বাৰা ক্ষতিগ্ৰস্ত হৈছে ।
প্ৰতিষ্ঠানটোৱে আৰু আশংকা কৰিছে যে, বান আৰু অধিক বৰষুণৰ বাবে চাউল, তেলৰ বীজ আৰু মাহজাতীয় শস্যৰ বিক্ৰী ১২ শতাংশলৈ হ্ৰাস পাব পাৰে । আনকি কেই সপ্তাহমান পূৰ্বে কেন্দ্ৰীয় কৃষি মন্ত্ৰালয়ে অধিক ভয়াৱহ পৰিস্থিতিৰ আশংকা ব্যক্ত কৰিছিল । মন্ত্ৰণালয়ৰ মতে ১৫ খন ৰাজ্যৰ প্ৰায় ৬৪ লাখ হেক্টৰ ভূমি বান আৰু অবিৰত বৰষুণৰ ফলত জলমগ্ন হৈছিল । কিন্তু উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰাৰ পৰা চৰকাৰ এতিয়াও বহু দূৰত অৱস্থান গ্ৰহণ কৰিছে । অক্টোবৰত আৰম্ভ হোৱা এই চিজনটো শেষ হয় ফেব্ৰুৱাৰীত । প্ৰধানমন্ত্ৰী আয় সংৰক্ষণ অভিযান বা পি এম এ এ এছ এয়ে প্ৰায়ে ৩৭.৫৯ লাখ মেট্ৰিক টন তেলৰ বীজ আৰু মাহজাতীয় শস্য ক্ৰয় কৰাৰ কথা আছিল । কিন্তু নিৰ্ধাৰিত সময় পাৰ হোৱাৰ দুমাহ পাছতো এতিয়ালৈকে প্ৰায় এক মিলিয়ন টনহে ( পূৰ্বতে কিনিব বিচৰা মুঠ পৰিমাণৰ তিনি শতাংশতকৈও কম) ক্ৰয় কৰা হৈছে । উত্তৰ প্ৰদেশ, মধ্য প্ৰদেশ আৰু ওড়িশা আদি ৰাজ্যত এই ক্ৰয় প্ৰক্ৰিয়া অদ্যপি আৰম্ভ হোৱা নাই ।
যেতিয়াই কোনো কৃষিজাত সামগ্ৰীৰ ফচল হ্ৰাস পায়, তেতিয়াই যোগান আৰু চাহিদাৰ মাজত ব্যৱধান বৃদ্ধি পায় । যাৰ ফলত বজাৰত বিদ্যমান শক্তিসমূহে সামগ্ৰীৰ দাম বৃদ্ধি কৰিবলৈ বাধ্য হয় । চাহিদা আৰু যোগানৰ মাজত নিয়ন্ত্ৰণ ৰক্ষা কৰাৰ বাবে চৰকাৰৰ হাতত উপযুক্ত পৰিমাণৰ সামগ্ৰী মজুত থাকিব লাগে যাতে তেনেধৰণৰ পৰিস্থিতিৰ সৃষ্টি হ’ব নোৱাৰে ।
যদিও ভাৰতে বিশ্বৰ ভিতৰত মাহজাতীয় শস্য উৎপাদনৰ ক্ষেত্ৰত ২৫ শতাংশ অৱদান আগবঢ়ায়, কিন্তু এই শস্যসমূহ দেশৰ ভিতৰৰ চাহিদা পূৰণ কৰিবলৈও বহু সময়ত যথেষ্ট নহয় । যাৰ ফলত ভাৰতবৰ্ষই আন দেশৰ পৰা আমদানি কৰিবলগীয়া হয় । দেশৰ কৃষি ভূমিৰ ১২-১৫ শতাংশত তৈলবীজৰ খেতি কৰা হ’লেও এতিয়াই হওক বা পূৰ্বতেই হওক খোৱা তেল বাহিৰৰ পৰা আমদানি কৰাটো অপৰিহাৰ্য হিচাপে পৰিগণিত হৈ আহিছে ।
এই নিৰ্ভৰশীলতা নোহোৱা কৰিবৰ বাবে কমিচন ফৰ এগ্ৰিকালচাৰেল কষ্ট এণ্ড প্ৰাইচেচে কেইবাবছৰ পূৰ্বে এক দীৰ্ঘকালীন ব্যৱস্থাৰ পৰামৰ্শ প্ৰদান কৰিছিল । ইউ পি এ চৰকাৰে খোৱা তেলৰ ক্ষেত্ৰত আয়োগে প্ৰদান কৰা পৰামৰ্শসমূহৰ প্ৰতি গুৰুত্ব দিছিল । আনহাতে, মাহজাতীয় শস্যৰ খেতিৰ ক্ষেত্ৰত সাহায্য আৰু সমৰ্থন মূল্য প্ৰদান কৰিবলৈ এক বিশেষ সমতিতি গঠন কৰা হৈছে ।
ছেপ্টেম্বৰত পি এম-এ এ এছ এ কৃষকৰ বাবে শীৰ্ষত আৰোহণ কৰে । আঁচনিখন প্ৰৱৰ্তন কৰাৰ চাৰি মাহ পূৰ্বে চৰাকে ২৫ মিলিয়ন টনতকৈ অধিক মাহজাতীয় শস্য আৰু তৈলবীজ ক্ৰয় কৰিছিল । ই আছিল ক্ৰয়ৰ নিৰ্ধাৰিত লক্ষ্য বা মুঠ ৩৩.৬ শতাংশ লাখ টনৰ ৭৫ শতাংশ । পূৰ্বতে লেহেমীয়া গতিৰ বাবে সমালোচিত হোৱা এ এ এফ ই ডি অৰ্থাৎ নেচনেল এগ্ৰিকালচাৰেল কোঅপাৰেটিভ মাৰ্কেটিং ফেডাৰেশ্বনে বৰ্তমান দেশক সম্পূৰ্ণৰূপে আচৰিত কৰি তুলিছে । পি এম এ এ এছ এৰ ব্যয়ৰ পৰিমাণ হিচাপে দুবছৰৰ বাবে ১৫,০৫৩ কোটি টকা ধাৰ্য কৰা হৈছিল । আনহাতে ক্ৰেতা প্ৰতিষ্ঠনসমূহে এই আঁচনিৰ অধীনত অতিৰিক্তভাৱে ১৬,৫৫০ কোটি টকাৰ ঋণৰ সুবিধা লাভ কৰে । তৎসত্বেও এই ক্ষেত্ৰখনত কোনোধৰণৰ অগ্ৰগতি পৰিলক্ষিত হোৱা নাই । সাধাৰণ ৰাইজে যাতে তেল বা মাহ-দাইল আদি ক্ৰয় কৰাত সমস্যাৰ সন্মুখীন হ'বলগীয় নহয় তাৰ বাবে চৰকাৰে শীঘ্ৰে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিব
লাগে ।