ৰাষ্ট্ৰ সংঘ নিৰাপত্তা পৰিষদৰ বৈঠকৰ পিছতে পাকিস্তানক ধমক ভাৰতৰ - ভাৰতৰ ৰাষ্ট্ৰদূত
নিৰাপত্তা পৰিষদৰ স্থায়ী প্ৰতিনিধি চৈয়দ আকবৰউদ্দিনে অনুচ্ছেদ 370 ভাৰতৰ আভ্যন্তৰীণ বিষয় বুলি সাংবাদিকক কয় ৷ ইয়াৰ লগতে তেওঁ কয় যে ভাৰতৰ এই পদক্ষেপে জম্মু কাশ্মীৰ আৰু লাডাখৰ লোকসকলৰ সামাজিক আৰু অৰ্থিক বিকাশত সহায় কৰিব ৷
![ৰাষ্ট্ৰ সংঘ নিৰাপত্তা পৰিষদৰ বৈঠকৰ পিছতে পাকিস্তানক ধমক ভাৰতৰ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-4157851-thumbnail-3x2-un.jpeg)
নিউজ ডেস্ক,17 আগষ্টঃ ৰাষ্ট্ৰ সংঘৰ নিৰাপত্তা পৰিষদৰ উদ্যোগত কাশ্মীৰৰ ওপৰত চলা এক বৈঠকৰ পিছতেই ভাৰতৰ ৰাষ্ট্ৰদূত আৰু নিৰাপত্তা পৰিষদৰ স্থায়ী প্ৰতিনিধি চৈয়দ আকবৰউদ্দিনে অনুচ্ছেদ 370 ভাৰতৰ আভ্যন্তৰীণ বিষয় বুলি সাংবাদিকক কয় ৷ ইয়াৰ লগতে তেওঁ কয় যে ভাৰতৰ এই পদক্ষেপে জম্মু কাশ্মীৰ আৰু লাডাখৰ লোকসকলৰ সামাজিক আৰু আৰ্থিক বিকাশত সহায় কৰিব ৷
পাকিস্তানৰ সাংবাদিক এগৰাকীয়ে পাকিস্তানৰ লগত ভাৰত আলোচনাত কেতিয়া বহিব বুলি কৰা এক প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে পাকিস্তানে সন্ত্ৰাসবাদ বন্ধ কৰিলেহে আলোচনাত বহিব ভাৰত ৷ সন্ত্ৰাসবাদৰ সহায় লৈ আলোচনা কৰিবলৈ হেঁচা প্ৰয়োগ কৰিলে তাৰ পৰিণাম ভাল ন’হব বুলি হুংকাৰ দিয়ে তেওঁ ৷