অসম

assam

ETV Bharat / bharat

ভাৰতৰ 5 ৰাজ্যই মানি নলয় নাগৰিকত্ব সংশোধনী আইন - মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰী কমল নাথৰ বিৰোধিতা

ভাৰতৰ 5 ৰাজ্যই নাগৰিকত্ব সংশোধনী আইন নিজ ৰাজ্যত বলবৎ কৰাৰ কথা অস্বীকাৰ কৰাৰ সময়তে, গৃহ মন্ত্ৰালয়ে ইয়াক নস্যাৎ কৰিছে ৷

নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতা 5 ৰাজ্যত
নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতা 5 ৰাজ্যত

By

Published : Dec 14, 2019, 10:15 AM IST

নেশ্য়নেল ডেস্ক, 14 ডিচেম্বৰ: বিজেপি শাসনাধিস্থ চৰকাৰ নথকা 5 ৰাজ্যই নাগৰিকত্ব সংশোধনী আইন বলবৎ কৰাৰ কথা অস্বীকাৰ কৰাৰ সময়তে, গৃহ মন্ত্ৰালয়ে ইয়াক নস্যাৎ কৰিছে ৷ গৃহ মন্ত্ৰালয়ৰ অধিকাৰীসকলে এই আইন বিৰোধী ঘোষণাৰ পিচত স্পষ্ট কৰি দিয়ে যে, নাগৰিকত্ব সংশোধনী আইন এক সাংবিধানিক ব্যৱস্থা যাক বলবৎ কৰিবই লাগিব ৷

শুকুৰবাৰে মধ্য প্ৰদেশ আৰু চত্তীশগড়ৰ দুই কংগ্ৰেছী মুখ্যমন্ত্ৰী কমল নাথ আৰু ভুপেশ বাঘেলে নাগৰিকত্ব সংশোধনী আইন বিৰোধিতা কৰাৰ লগতে তেওঁলোকে নিজ ৰাজ্যত এই আইন বলবৎ কৰাৰ কথা অস্বীকাৰ কৰিছে ৷


গৃহ মন্ত্ৰালয়ৰ মতে, যদি কেন্দ্ৰই এই নতুন আইন বলবৎ কৰাৰ জাননী জাৰি কৰিছে, তেন্তে ৰাজ্য চৰকাৰবোৰেও এই সাংবিধানিক ব্যৱস্থাক মানি এই আইন গ্ৰহণ কৰিবই লাগিব ৷ দুই মুখ্যমন্ত্ৰীৰ মন্তব্য ৰাজনৈতিক স্থিতিক লৈহে কৰা পৰিলক্ষিত হৈছে বুলি গৃহ মন্ত্ৰালয়ৰ অধিকাৰী সকলে কয় ৷

কেৰালাৰ মুখ্যমন্ত্ৰী পিনাৰাই বিজয়নেও নাগৰিকত্ব সংশোধনী আইন গ্ৰহণৰ বিৰোধিতা কৰি এই আইনখনক 'অসাংবিধানিক' আখ্য দিছে ৷ পাঞ্জাৱ আৰু পশ্চিম বংগয়ো আৰম্ভণিৰে পৰা এই আইনৰ বিৰোধিতা কৰি আহিছে ৷

লগতে পঢ়ক: নাগৰিকত্ব আইনৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত আবেদন দাখিল

ABOUT THE AUTHOR

...view details