অসম

assam

ETV Bharat / bharat

চৰকাৰী চিকিৎসকৰ স্নাতকোত্তৰ পাঠ্যক্ৰমত নামভৰ্তিৰ ক্ষেত্ৰত উচ্চতম ন্যায়ালয়ৰ বিশেষ ঘোষণা - স্নাতকোত্তৰ পাঠ্যক্ৰম

স্নাতকোত্তৰ পাঠ্যক্ৰমৰ নামভৰ্তিত দেশৰ দুৰ্গম অঞ্চলত কৰ্তব্যৰত চৰকাৰী চিকিৎসকৰ বাবে আসন সংৰক্ষণৰ ক্ষমতা আছে প্ৰতিখন ৰাজ্যৰ: উচ্চতম ন্যায়ালয়। মেডিকেল কাউঞ্চিল অৱ ইণ্ডিয়াই এনে ধৰণে আসন সংৰক্ষণ বৰ্জিত কৰা কাৰ্যক অসাংবিধানিক আখ্যা দিয়ে শীৰ্ষ আদালতে।

চৰকাৰী চিকিত্সকৰ স্নাতকোত্তৰ পাঠ্যক্ৰমৰ নামভৰ্তিৰ ক্ষেত্ৰত উচ্চতম ন্যায়ালয়ৰ বিশেষ ঘোষণা
চৰকাৰী চিকিত্সকৰ স্নাতকোত্তৰ পাঠ্যক্ৰমৰ নামভৰ্তিৰ ক্ষেত্ৰত উচ্চতম ন্যায়ালয়ৰ বিশেষ ঘোষণা

By

Published : Aug 31, 2020, 3:09 PM IST

নেশ্যনেল ডেস্ক,৩১আগষ্ট: স্নাতকোত্তৰ পাঠ্যক্ৰমৰ বাবে আগ্ৰহী চৰকাৰী চিকিৎসকৰ বাবে সুখবৰ । দুৰ্গম অঞ্চলত কৰ্তব্যৰত চৰকাৰী চিকিৎসকক স্নাতকোত্তৰ পাঠ্যক্ৰমৰ নামভৰ্তিৰ ক্ষেত্ৰত অগ্ৰাধিকাৰ দিয়াৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ ক্ষমতা আছে বুলি ঘোষণা কৰিছে উচ্চতম ন্যায়ালয়ে । সোমবাৰে ন্যায়াধীশ অৰুণ মিশ্ৰৰ নেতৃত্বত ৫ জনীয়া ন্যায়াধীশৰ বিচাৰপীঠে আসন সংৰক্ষণৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ ক্ষমতা আছে বুলি ৰায়দান দিয়ে । বিচাৰপীঠে কয় যে, 'মেডিকেল কাউঞ্চিল অৱ ইণ্ডিয়াই এনে ধৰণে আসন সংৰক্ষণ কাৰ্যক মানি নলয়, যিটো অসাংবিধানিক'। লগতে মেডিকেল কাউঞ্চিল অৱ ইণ্ডিয়া বৈধ নিকায় আৰু সংৰক্ষণৰ নিয়ম-নীতি প্ৰস্তুত কৰাৰ কোনো অধিকাৰ নাই। তামিলনাডু মেডিকেল এছ'চিয়েছন আৰু আন একাংশ লোকৰ আবেদনৰ শুনানিত এই ৰায়দান দিয়ে উচ্চতম ন্যায়ালয়ে । এনে পদক্ষেপে দুৰ্গম অঞ্চলৰ স্বাস্থ্যকেন্দ্ৰত কৰ্তব্যৰত নিষ্ঠাবান চৰকাৰী চিকিত্সকক উৎসাহিত কৰিব ।

ABOUT THE AUTHOR

...view details