অসম

assam

ETV Bharat / bharat

খাদ্য সামগ্ৰী সৰবৰাহ প্ৰক্ৰিয়া সুচাৰুৰূপে চলোৱাৰ নিৰ্দেশ প্ৰদান গৃহ মন্ত্ৰণালয়ৰ - খাদ্য সামগ্ৰী সৰবৰাহ প্ৰক্ৰিয়া সুচাৰুৰূপে চলোৱাৰ নিৰ্দেশ প্ৰদান গৃহ মন্ত্ৰণালয়ৰ

এই নিৰ্দেশনা অনুসৰি,প্ৰয়োজনীয় খাদ্য সামগ্ৰী ইয়াৰ উৎপাদন,আন্তঃৰাজ্যিক পৰিবহন আৰু খুচুৰা বিক্ৰী ব্যাহত নোহোৱাৰ কাৰণে নিৰ্দেশনা প্ৰদান কৰা হয় ৷

গৃহ মন্ত্ৰণালয়
গৃহ মন্ত্ৰণালয়

By

Published : Mar 27, 2020, 11:14 PM IST

নিউজ ডেস্ক,27 মাৰ্চঃ লক ডাউনৰ সময়ছোৱাত খাদ্য সামগ্ৰী সৰবৰাহ প্ৰক্ৰিয়াটো নিয়াৰিকৈ চলায় নিবলৈ গৃহ মন্ত্ৰণালয়ে ৰাজ্যৰ গৃহ বিভাগসমূহক এক নিৰ্দেশনা জাৰি কৰে ৷ গৃহ মন্ত্ৰণালয়ে খাদ্য সামগ্ৰী সৰবৰাহ প্ৰক্ৰিয়াটো সুচাৰুৰূপে চলোৱাৰ ক্ষেত্ৰত ইতিমধ্যে এক নিৰ্দেশনা(SOP) জাৰি কৰি প্ৰতিজন উপায়ুক্ত আৰু জেষ্ঠ আৰক্ষী অধীক্ষকক নিৰ্দেশ প্ৰদান কৰা বুলি এগৰাকী মুখপাত্ৰই জানিবলৈ দিয়ে ৷

এই নিৰ্দেশনা অনুসৰি,প্ৰয়োজনীয় খাদ্য সামগ্ৰী ইয়াৰ উৎপাদন,আন্তঃৰাজ্যিক পৰিবহন আৰু খুচুৰা বিক্ৰী ব্যাহত নোহোৱাৰ কাৰণে নিৰ্দেশনা প্ৰদান কৰা হয় ৷ একেদৰে,খাদ্যসামগ্ৰী, ফল-মূল,গাখীৰৰ উৎপাদিত সামগ্ৰী,ঔষধ,চিকিৎসা সামগ্ৰী,ৰন্ধন গেছ,পশু খাদ্য,আই টি আৰু ই কমাৰ্ছ সেৱা(Flipkart, Amazon) আদি সুচাৰুৰূপে চলাবৰ বাবে নিৰ্দেশ দিয়া হয় ৷

লগতে পঢ়কঃ লক ডাউনৰ তৃতীয় দিন

এই সকলোবোৰ কাৰ্যৰ লগত জড়িত গাড়ী আৰু কৰ্মীসকলৰ যাতায়ত সুনিশ্চিত কৰিবলৈ নিৰ্দেশ দিয়ে ৷ ইয়াৰ লগতে উক্ত নিৰ্দেশনাৰ জৰিতে কৃষিজাত সামগ্ৰীৰ উৎপাদন তথা বজাৰ আদিকো ব্যাহত নকৰিবলৈ নিৰ্দেশ দিয়া হয় ৷

For All Latest Updates

ABOUT THE AUTHOR

...view details