অসম

assam

ETV Bharat / bharat

বায়ু প্ৰদূষণক লৈ আলোচনাত মিলিত হ'ব পৰিবেশ নিয়ন্ত্ৰনৰ স্থায়ী কমিটী

বৰ্ধিত বায়ু প্ৰদূষণৰ বিষয়টোক লৈ বৃহস্পতিবাৰে এক আলোচনাত মিলিত হ'ব পৰিবেশ নিয়ন্ত্ৰনৰ স্থায়ী কমিটি ৷ সদ্যপ্ৰকাশিত এচঅ'জিএ ৰিপৰ্ট 2020 (ষ্টেট অফ গ্ল'ৱেল এয়াৰ 2020) ৰ প্ৰতিবেদন অনুযায়ী ক্ৰমবৰ্ধমান হাৰত হোৱা বায়ু প্ৰদূষণৰ বিষয়টোক লৈ আলোচনা কৰিবৰ বাবে বৈঠক খনৰ আহ্বান জনোৱা হৈছে ৷

By

Published : Oct 21, 2020, 8:10 PM IST

বায়ু প্ৰদূষণক লৈ আলোচনাত মিলিত হ'ব পৰিৱেশ স্থায়ী কমিটী
বায়ু প্ৰদূষণক লৈ আলোচনাত মিলিত হ'ব পৰিৱেশ স্থায়ী কমিটী

নেশ্যনেল ডেস্ক, 21 অক্টোবৰ:বায়ু প্ৰদূষণৰ বিষয়টো ভাৰতৰ বাবে এক গুৰুত্বপূৰ্ণ বিষয় হিচাপে বিবেচিত হৈ পৰাৰ প্ৰতি লক্ষ্য ৰাখি পৰিৱেশ নিয়ন্ত্ৰনৰ স্থায়ী সমিটীয়ে এক বৈঠক অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লৈছে ৷ বৰ্ধিত বায়ু প্ৰদূষণৰ বিষয়টোক লৈ বৃহস্পতিবাৰে সমিতিখনে এক আলোচনাত মিলিত হ'ব ৷

বৰ্ধিত বায়ু প্ৰদূষণ যে ভাৰতৰ বাবে এক উদ্বেগজনক বিষয় হৈ পৰিছে সেই বিষয়ে ইটিভি ভাৰতৰ সন্মুখত মন্তব্য কৰি জ্যেষ্ঠ কংগ্ৰেছী নেতা তথা স্থায়ী সমিতিৰ অধ্যক্ষ জয়ৰাম ৰমেশে কয় যে এই বিষয়টোক লৈয়ে তেওঁলোক বৃহস্পতিবাৰে এক বৈঠকত মিলিত হ'ব ৷ এই বিষয়ে এক টুইট যোগে তেওঁ কয় যে, "ভাৰতত হোৱা অকাল মৃত্যুৰ ক্ষেত্ৰত বায়ু প্ৰদূষণে হৈছে এক অন্যতম কাৰক ৷ ক'ভিড-19 এ আমাক আৰু অধিক দুৰ্বল কৰি তুলিছে ৷"

উল্লেখ্য যে, এচঅ'জিএ ৰিপৰ্ট 2020 য়ে প্ৰকাশ কৰা প্ৰতিবেদন অনুসৰি বিগত বৰ্ষত বিশ্বৰ বাৰ্ষিক গড় পিএম 2.5 কনচেনট্ৰেচন এক্সপজাৰৰ তালিকাত ভাৰতৰ নাম শীৰ্ষত অন্তৰ্ভুক্ত হৈছে ৷ প্ৰতিবেদন খনত দেখা গৈছে যে চীনত পিএম 2.5 ৰ ফলত 1.42 মিলিয়ন মৃত্যুৰ পৰিৱৰ্তে ভাৰতত 9,80,000 গৰাকী লোক মৃত্যু হৈছে আৰু 2019 বৰ্ষত পিএম 2.5ৰ ফলত বিশ্বত মৃত্যু হোৱা লোকৰ ভিতৰত এই দুয়োখন দেশৰ পৰাই মুঠ 58 শতাংশ লোকৰ মৃত্যু হৈছে ৷ আটাইতকৈ জনবহুল 20 খন দেশৰ ভিতৰত পিএম 2.5 ৰ ফলত মৃত্যৰ সংখ্যা ভাৰততেই আটাইতকৈ বেছি হোৱা পৰিলক্ষিত হৈছে ৷ কেৱল ঘৰুৱা বায়ু প্ৰদূষণৰ ফলত হোৱা মৃত্যুৰ ক্ষেত্ৰত ভাৰতত মৃত্যুৰ হাৰ কিছু পৰিমানে কমিছে ৷

কেন্দ্ৰীয় পৰিৱেশ নিয়ন্ত্ৰণ ব’ৰ্ডৰ দ্বাৰা প্ৰকাশিত বিভিন্ন প্ৰতিবেদন অনুযায়ী সময়ৰ সৈতে ভাৰতত বায়ুৰ গুণগত মান কমি গৈছে ৷ অৱশ্যে কেন্দ্ৰীয় পৰিবেশ মন্ত্ৰী গৰাকীয়ে 15 বছৰৰ ভিতৰত দিল্লীৰ বিষাক্ত বায়ুৰ সমস্যা সমাধান হ'ব বুলি বাৰে বাৰে দাবী কৰি অহা পৰিলক্ষিত হৈছে ৷

লগতে পঢ়ক:মছজিদলৈ ৰূপান্তৰিত মুম্বাইৰ গ্ৰাণ্ট ৰোড বেশ্যালয় ভৱন

ABOUT THE AUTHOR

...view details