নিউজ ডেস্ক, ২৭ এপ্ৰিলঃঅন্ধ্ৰ প্ৰদেশৰ ৰাজভৱনত কৰ্মৰত এগৰাকী ষ্টাফ নাৰ্ছৰ দেহত দেওবাৰে ধৰা পৰে মাৰাত্মক কৰ'ণা ভাইৰাছৰ অৱস্থিতি । বিজয়ৱাড়াস্থিত ৰাজ্যপালৰ চৰকাৰী বাসগৃহৰ মেডিকেল টীমৰ সদস্যা আছিল মহিলাগৰাকী । বিশেষ সূত্ৰই প্ৰকাশ কৰিছে এই কথা । সূত্ৰটোৱে ইটিভি ভাৰতৰ আগত প্ৰকাশ কৰা অনুসৰি, ইতিমধ্যে মহিলাগৰাকীক কোভিড-১৯ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে । আনহাতে বিজয়ৱাড়াৰ কেবাখনো আৰক্ষী চকীটো এই ভাইৰাছৰ অৱস্থিতি পোৱা গৈছে । আৰক্ষী চকীত কৰ্মৰত বিষয়া তথা জোৱানৰ দেহটো এই ভাইৰাছৰ অৱস্থিতি পোৱা গৈছে ।
কৃষ্ণা লংকা ভ্ৰমণ কৰে কৃষ্ণা জিলাৰ উপায়ুক্ত এ মহম্মদ ইমতিয়াজ আৰু বিজয়ৱাড়াৰ আৰক্ষী আয়ুক্ত চি. দ্বাৰকা তিৰুমলা ৰাওৱে । শনিবাৰে অঞ্চলটোত ২৪ গৰাকী লোক কোভিড-১৯ত আক্ৰান্ত হৈছিল । দুয়োগৰাকী বিষয়াই ৰাইজক লকডাউনৰ নিয়মসমূহ পালন কৰিবলৈ আহ্বান জনোৱাৰ লগতে নিয়ম ভংগকাৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি জনায় । কৃষ্ণা জিলাত এতিয়ালৈকে ১৭৭ টা কোভিড-১৯ৰ ঘটনা পোহৰলৈ আহিছে । ইয়াৰ ভিতৰত বিজয়ৱাড়াতে ১৫০ গৰাকী লোক চিনাক্ত কৰা হৈছে ।